অসম

assam

উন্নয়নে ঢুকি নোপোৱা মাজুলীৰ এটা পথ...

By

Published : May 21, 2021, 11:57 AM IST

মাজুলীৰ মতিয়াবাৰী-পোহাদিয়া পথৰ বিধ্বস্ত ৰূপ ৷ পথটোৰ দুৰাৱস্থাৰ বাবে প্ৰায় 15 খন গাঁৱৰ গাঁওবাসীয়ে অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ শীঘ্ৰেই পথটো নিৰ্মাণত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান গাঁওবাসীৰ ৷

majuli road poor condition
মাজুলীৰ পথৰ দুৰাৱস্থা

মাজুলী, 21 মে’ : মাজুলীৰ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত মতিয়াবাৰী-পোহাদিয়া পথৰ দুৰাৱস্থা ৷ 12ৰ পৰা 15 খন গাঁৱৰ মানুহে চলাচল কৰা এই বিধস্ত পথটোৱে বাৰুকৈয়ে বিপদত পেলাইছে গাঁওবাসীক ।

মাজুলীৰ পথৰ দুৰাৱস্থা

উল্লেখ্য যে, চিকিৎসাৰ বাবে কোনো এজন লোকক চিকিৎসালয়লৈ নিবৰ বাবেও যথেষ্ট সমস্যাত পৰে গাঁওবাসী । আনকি স্কুল-কলেজলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰতো একেই সমস্যাৰ সন্মুখীন হয় শিক্ষাৰ্থীসকল ৷

বিগত চৰকাৰক বহুবাৰ আবেদন কৰাৰ পাচতো আজি পৰ্যন্ত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ শীঘ্ৰেই নতুন চৰকাৰখনক পথটোৰ উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক :ধৰ্ষণৰ বলি হৈ বিহপুৰীয়াত কিশোৰীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details