মাজুলী,16 জুলাই: সত্ৰ নগৰী মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ । মাজুলীত থকা একমাত্ৰ চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ মৃত্যুমুখী যাত্ৰা ৷ 6 খন মহাবিদ্যালয় , শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয় থকাৰ বিপৰীতে মাজুলীত চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এখনে আছে ৷ যিখন ঔদ্যোগিক প্ৰতিষ্ঠানত মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে কাৰীকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি স্বৱলম্বিতাৰ বাট মুকলি কৰিছিল ৷
কিন্তু এই প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ট্ৰেডৰ প্ৰশিক্ষকক আন প্ৰতিষ্ঠানলৈ বদলি কৰি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ কৰাৰ পিচত মাজুলীৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ পৰা ইটোৰ পিচত সিটোকৈ বিভাগ আঁতৰোৱাৰ পৰিলক্ষিত হৈছে ৷ এদেও দুদেও কৰি লুটা নিয়াৰ চেৱেৰে ভূমিকা পালন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
উল্লেখ্য যে এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰথমতে এ চি ভিটিৰ ৬ টাকৈ ট্ৰেডত ক্ৰমে মেকানিকেলডিজেল, ইলক্টিছিয়ান, চুইং টেকনোলজি, ইলেক্ট্ৰনিকচ, কম্পিউটাৰ (কপা), ড্ৰাফমেন চিভিল ট্ৰেডত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল ৷ কিন্তু বৰ্তমান চুইং টেকনোলজি বিভাগটোক সম্পূৰ্ণ বন্ধ কৰি দিছে ৷