অসম

assam

Loksabha election 2024: পুনৰ সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি প্ৰাক্তন অগপ সাংসদ অৰুণ শৰ্মা

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 1:48 PM IST

পুনৰ সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি প্ৰাক্তন অগপ সাংসদ অৰুণ শৰ্মা ৷ কেইবাটাও বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰাক্তন সাংসদগৰাকীৰ ৷

former AGP MP Arun Sarma will return to active politics
প্ৰাক্তন অগপ সাংসদ ড° অৰুণ শৰ্মা

পুনৰ সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি প্ৰাক্তন অগপ সাংসদ ড° অৰুণ শৰ্মা

মাজুলী, 8 ছেপ্টেম্বৰ:অগপৰ প্ৰাক্তন সাংসদ অৰুণ শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে বিভিন্ন বিষয়ত ৷ মাজুলীৰ গড়মূড়ত সাংবাদিকৰ সৈত মত বিনিময় কৰি অগপৰ প্ৰাক্তন সাংসদ অৰুণ শৰ্মাই কয়, ‘‘বৰ্তমান মই দলীয় ৰাজনীতিত সক্ৰিয় নহওঁ, যদি দলে বিবেচনা কৰে সিদ্ধান্ত ল’ম ৷ বৰ্তমান নিজাকৈ কোনো উদ্যোগ গ্ৰহণ কৰা নাই ।’’ অন্যহাতে অগপৰ সাংসদ গৰাকীয়ে মাজুলীৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰসংগতো আগবঢ়ায় প্ৰত্ৰিক্ৰিয়াৰ ৷

প্ৰাক্তন সাংসদগৰাকীৰ দিনত মাজুলী সুৰক্ষাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাম আগবাঢ়িছিল যদিও চৰকাৰৰ সদিচ্ছাৰ অভাৱত মাজুলী ভৌগলিক সুৰক্ষা আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ হিচাপে স্থান লাভৰ পৰা বৰ্তমানেও পিছ পৰি আছে । মাজুলী সাংস্কৃতিক দৃশ্যপট আইন সম্পর্কত মন্তব্য প্ৰকাশ কৰি কয়, "এই সমিতিখন তিনি মাহৰ মূৰে মূৰে অনুষ্ঠিত হ’ব লাগে যদিও এইখন একেবাৰে নিষ্ক্ৰিয় হৈ পৰিল, যদি কোনোবা এই আইনখন ৰূপায়িত কৰিব লাগে বুলি আইনৰ কাষ চাপে তেতিয়া চৰকাৰ বিপদত পাৰিব । চৰকাৰ সদিচ্ছাৰ অভাৱৰ বাবেই আৰু মাজুলীৰ ভৌগলিক সুৰক্ষা প্ৰদান ব্যৰ্থ হোৱাৰ বাবে বিশ্ব ঐতিহ্য স্বীকৃতি মাজুলীয়ে আজিলৈকে লাভ কৰা নাই ।"

সম্প্ৰতি সমগ্ৰ দেশজুৰি অব্যাহত থকা দেশৰ নাম বিতৰ্ক সন্দৰ্ভতো অগপৰ প্ৰাক্তন সাংসদগৰাকীয়ে প্ৰতিক্ৰিয়া আগবঢ়ায় ৷ ইণ্ডিয়া আঁতৰাই ভাৰত কৰিব খোজাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয়, "জ্বলন্ত সমস্যাসমূহ তল পেলাবলৈ এনেধৰণৰ বিতৰ্ক সৃষ্টি কৰা হৈছে ৷ এইটো কেতিয়াবাই হ’ব লাগিছিল, বৰ্তমান মূল্যবৃদ্ধিকে ধৰি আন প্ৰধান ইছ্যুৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰায় ৰাখিবলৈ এইধৰণৰ কৌশল অৱলম্বন কৰা হৈছে । ইণ্ডিয়া নাম ব্ৰিটিছে দিয়া গতিকে এই কাম বহু আগতেই হ’ব লাগিছিল । এই ইছ্যুৰ জৰিয়তে দমায় ৰখা হ’ল আদানী, মূল্যবৃদ্ধি আদি গুৰুত্বপূৰ্ণ ইছ্যু ৷ এয়া এক ৰাজনৈতিক কৌশল ।"

লগতে পঢ়ক:Tribute to Bhupen Hazarika: গীতৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ বিধায়ক প্ৰশান্ত ফুকনৰ

ABOUT THE AUTHOR

...view details