লখিমপুৰ,২৮ অক্টোবৰ: সমগ্র অসমবাসীক শোকসাগৰত ডুবাই কাহানিও উভটি নহা পথেৰে বৃহস্পতিবাৰে ইহ সংসাৰৰ পৰা বিদায় ললে অসমৰ সাংস্কৃতিক জগতৰ পিতামহস্বৰূপ নিপন গোস্বামীয়ে(Pass away Veteran Actor Nipon Goswami) । অসমীয়া ছবিজগতৰ চুপাৰষ্টাৰ গৰাকীৰ বিয়োগে শোকাচ্ছন্ন কৰি তুলিছে সমগ্র ৰাজ্যক । ৰাজ্যৰ বিভিন্ন স্থানত মৰমৰ শিল্পীগৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
লখিমপুৰতো ছাত্রসন্থাৰ উদ্যোগত প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়(Tribute to late Nipon Goswami at Lakhimpur) । লখিমপুৰ নগৰৰ খেলপথাৰত প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় বিধায়ক মানৱ ডেকা আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজে । অসমৰ চলচিত্র জগতৰ পিতামহ তথা সাংস্কৃতিক ক্ষেত্রখনৰ ভোটাতৰাস্বৰূপ নিপন গোস্বামীৰ বিয়োগ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোক প্রকাশ কৰে ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।
স্থানীয় বিধায়ক মানৱ ডেকাই কয় যে প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ প্ৰয়োজনেই নাই । চৰকাৰে নিশ্চয় অসমৰ ৰাইজৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ ব্যবস্থা কৰিব ।