অসম

assam

ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ: কেশৱ মহন্ত

By

Published : Aug 24, 2021, 9:54 PM IST

Updated : Aug 24, 2021, 10:06 PM IST

the-state-health-department-is-ready-to-deal-with-the-third-wave-of-covid-19
ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগঃ কেশৱ মহন্ত

ক'ভিডৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনাই শংকিত কৰি ৰাখিছে সমগ্ৰ দেশবাসীৰ লগতে অসমবাসী ৰাইজক ৷ কিন্তু অসমৰ ৰাইজে এই বিষয়ত ভয় খোৱাৰ প্ৰয়োজন নাই ৷ ইয়াৰ কাৰণ জনালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লখিমপুৰ,24 আগষ্ট: ক'ভিডৰ দ্বিতীয়টো লহৰৰ সংক্ৰমণ এতিয়াও অন্ত পৰা নাই ৷ ক'ভিডৰ দ্বিতীয়টো লহৰত হেজাৰ হেজাৰ লোক আক্ৰান্ত হোৱাৰ সমানে বহুজনে প্ৰাণ হেৰুৱাইছে ৷ চৰকাৰ, স্বাস্থ্য বিভাগে যুদ্ধকালীন ৰূপত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ ভেকচিন প্ৰদানেৰে মৃত্যুৰ সংখ্যা কমোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু এনে সময়তে ক'ভিডৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনাই ৰাইজক শংকিত কৰি ৰাখিছে ৷ ইয়াৰ মাজতে এই সন্দৰ্ভত ৰাইজক অভয় প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা মতে, ক'ভিডৰ তৃতীয় ঢৌৰ প্ৰত্যাহ্বান আহিলে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ মঙলবাৰে সন্ধিয়া নিৰ্মাণৰত লখিমপুৰ কৰ্কট ৰোগৰ চিকিৎসালয় পৰিৰ্দশন কৰি এই কথা সদৰি কৰিছে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ লগতে তেও ৰাইজক শংকিত নহৈ সাৱধান হৈ থাকিবলৈ আহ্বান জনায় ৷

ক'ভিডৰ তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগঃ কেশৱ মহন্ত

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা মতে, ক’ভিডৰ তৃতীয় লহৰৰ সতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ মেডিকেল কলেজসমূহকে ধৰি জিলা চিকিৎসালয় সমূহো সাজু কৰি ৰখা হৈছে ৷ লগতে আই চি ইউ যুক্ত বিচনা, অক্সিজেন যুক্ত বিচনা, চিকিৎসক, নাৰ্চ আদি সকলো সাজু কৰি ৰখা হৈছে ৷

আনহাতে ক'ভিড কেয়াৰ কেন্দ্ৰত খাদ্য সামগ্ৰী যোগান ধৰি টকা নোপোৱাৰ বাবে সোমবাৰে জিলাখনত এজন ঠিকাদাৰে আত্মহত্যা কৰিব লগীয়া হোৱা ঘটনাৰ প্ৰসংগক সাংবাদিকে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত এন এইচ এমৰ অধীনত ক'ভিডৰ চিকিৎসালয়ত খাদ্য সামগ্ৰী যোগান ধৰা ঠিকাদাৰ সকলক দিবৰ বাবে অলপতে 55 কোটি টকা মোকোলাই দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, মঙলবাৰে লখিমপুৰত উপস্থিত হৈ জিলাখনত নিৰ্মীয়মান অৱস্থাত থকা কৰ্কট চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ পৰিদৰ্শনৰ অন্তত ইতিমধ্যে চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে আৰু অহা ডিচেম্বৰৰ পৰা চিকিৎসা সেৱা আৰম্ভ কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ উক্ত সময়ছোৱাত তেখেতক সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷

লগতে পঢ়কঃপশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

Last Updated :Aug 24, 2021, 10:06 PM IST

ABOUT THE AUTHOR

...view details