ETV Bharat / city

পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

author img

By

Published : Aug 24, 2021, 7:14 PM IST

Cattle preservation act 2021
গো সুৰক্ষা আইন

চৰকাৰে ৰাজ্যত শেহতীয়াকৈ প্ৰণয়ন কৰা গো-সুৰক্ষা আইনক লৈ সৰব হৈ পৰিছে একাংশ পশু-পালক ৷ এই আইনক বিধ্বংসী আখ্যা মাজুলীৰ চাপৰিত গো-পালন কৰা পালকসকলৰ ৷ হিমন্ত বিশ্ব শৰ্মাক এই আইন প্ৰৱৰ্তন নকৰিবলৈ জনালে আহ্বান ৷

মাজুলী, 24 আগষ্ট : ‘‘চাকৰি-বাকৰি নাই, গৰু পুহি ভাত খাইছোঁ ৷ এতিয়া চৰকাৰে তাতো সমস্যা আনি দিছে ৷ হিমন্ত বিশ্ব শৰ্মাই গৰু পুহিবলৈ দৰমহা দিয়ক, দিনটোতে তিনিবাৰ গো-মাতাক সেৱা কৰিম ৷ কেৱল গো-মাতা বুলি পূজা কৰিলে পেট নভৰে আমাৰ ৷’’ চৰকাৰৰ গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ক্ষোভ একাংশ পশু-পালকৰ ৷

সাম্প্ৰতিক সময়ত ৰাজ্যত চৰ্চিত এটা বিষয় হৈছে গো-সুৰক্ষা আইন ৷ বিধানসভাত জয় শ্ৰী ৰাম ধ্বনি দি যোৱা 13 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে এই বিতৰ্কিত বিধেয়কখন ৷ জনবলৰ দ্বাৰা সেইদিনাই বিধেয়কখন গৃহীত কৰি পৰিণত কৰা হয় আইনত ৷ কিন্তু এই আইনখনক লৈ এতিয়া বিপাঙত পৰিছে ৰাজ্যৰ পশু-পালকসকল ৷

গো-সুৰক্ষা আইনে আহুকাল মাতিছে পশু-পালকলৈ !

গো-সুৰক্ষা আইন অনুসৰি বিক্ৰী কৰিবৰ বাবে গৰুৰ বয়স হ’ব লাগিব 14 বছৰ ৷ যাক লৈ এতিয়া সমস্যাত পৰিছে ৰাজ্যৰ পশু-পালক সকল ৷ কিয়নো যিকোনো বিপদে-আপদে অধিক ধনৰ প্ৰয়োজন হ’লে গো-ধন বিক্ৰী কৰিয়েই জোৰা-টাপলি মাৰে গ্ৰামাঞ্চলৰ পশু-পালকে ৷ কিন্তু এই আইনৰ বাবে এতিয়া সেই ফালেও বাট মৰিল তেওঁলোকৰ ৷

লগতে পঢ়ক : ৰাজ্যৰ উপ নিৰ্বাচন: মিত্ৰতা হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ?

এই গো-সুৰক্ষা আইনক লৈ মুঠেও সন্তুষ্ট নহয় পশু-পালক সকল ৷ গো-সুৰক্ষা আইনক এখন ক’লা আইন আখ্যা পশু-পালকৰ ৷ যাৰ বাবে এই আইন চৰকাৰে কৰিব বিচাৰিছে, তেওঁলোকেই এতিয়া আইনখনক লৈ অসন্তুষ্ট ৷ তেনে ক্ষেত্ৰত এই আইন জোৰ-জবৰদস্তি জাপি দিয়া হৈছে নেকি ৰাজ্যৰ পশু-পালকৰ ওপৰত ৷

গো-সুৰক্ষা আইনক লৈ সুখী নহয় মাজুলীৰ পশু-পালক সকল ৷ মাজুলীৰ ৩৪ টা চৰ চাপৰিত আছে প্ৰায় ৪ শতাধিক গৰু খুটি ৷ শেহতীয়া তথ্য মতে প্ৰায় ১ লাখ ২০ হাজাৰ গৰু আৰু ১৬ হাজাৰ ম'হ আছে মাজুলীত ৷ কিন্তু চৰকাৰৰ সিদ্ধান্তই হতাশগ্ৰস্ত কৰিছে এই পশু-পালক সকলক ৷

লগতে পঢ়ক : নিৰুদ্দেশৰ ছবছৰ পাচত সোঁ-শৰীৰে ঘৰ পালেহি যুৱতী

মাজুলীৰ পশু-পালকসকলে জনোৱা অনুসৰি, কেৱল গৰুৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি থাকে তেওঁলোকৰ জীৱন-জীৱিকা ৷ কিন্তু বৰ্তমান চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে বাৰুকৈয়ে বিপদত পৰিছে তেওঁলোক ৷ হিমন্ত বিশ্ব শৰ্মাই গৰু কিনি পালন-পোষণৰ খৰচ দিলে দিনে তিনিবাৰকৈ গো-মাতাক সেৱা কৰিম বুলিও জনালে পশু-পালকসকলে ৷ চৰকাৰক আইনখন উঠাই ল’বলৈ কাতৰ আহ্বান জনাইছে পশু-পালক সকলে ৷

পশু-পালক সকলৰ মতে গো-পালন কৰি নোপোৱা মুখ্যমন্ত্ৰীয়ে বুজি নাপায় পশু-পালকৰ সমস্যা ৷ কোনোপধ্যেই পশু-পালক সকলে যে এই আইনখন গ্ৰহণ কৰিব খোজা নাই সেয়া স্পষ্ট হৈ পৰিছে তেওঁলোকৰ বক্তব্যৰ পৰা ৷ অৱশ্যে সময় বাগৰাৰ লগে লগে স্পষ্ট হৈ পৰিব এই আইনৰ সু-ফল অথবা কু-ফল ৷

লগতে পঢ়ক : তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.