অসম

assam

Poor Road Condition in Assam: লখিমপুৰত ৰোগীক চিকিৎসালয়লৈ নিলে ঠেলাত

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 4:06 PM IST

উন্নয়নৰ ফটা ঢোল কোবোৱা চৰকাৰৰ দিনত এতিয়া উন্নয়ন বিচাৰি হাবাথুৰি খাইছে ভিতৰুৱা অঞ্চলৰ সাধাৰণ ৰাইজে ৷ বাট-পথৰ উন্নয়ন এনেবোৰ অঞ্চলত যেন মাথোঁ এক অলীক সপোন ৷ এতিয়াও যে ৰাস্তা-ঘাটৰ নামত বহু অঞ্চলত সাধাৰণ ৰাইজে যমৰ যাতনা ভোগ কৰি আহিছে তাক বুজা যায় ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ কিছু দৃশ্য দেখিলে ।

Poor Road Condition in Lakhimpur
ৰাস্তা-ঘাটৰ নামত যমৰ যাতনা

ৰাস্তা-ঘাটৰ নামত যমৰ যাতনা

লখিমপুৰ, ১২ নৱেম্বৰ:ৰাজ্যজুৰি উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে লখিমপুৰত ধোঁৱাচাঙত উঠিছে উন্নয়ন ৷ বছৰ বছৰ ধৰি বিধ্বস্ত পথৰ বাবেই জীয়াতু ভুগিব লগা হৈছে ৰাইজে ৷ আনকি কোনো লোকৰ জৰুৰীকালীন অৱস্থাত 108 সেৱাও সোমাব নোৱাৰে পথেৰে ৷ সেয়ে ৰোগীক ঠেলাত চিকিৎসালয়লৈ লৈ যোৱাৰ এক দুৰ্ভাগ‍্যজনক ঘটনা সংঘটিত হৈছে ৷

এইখন ৰাজ্যতে অমৃতকালৰ এক বিপৰীত দৃশ্য । এই দৃশ্য লখিমপুৰ জিলাৰ নগৰৰ সমীপৰ আমতলাৰ । এতিয়াও ঠেলাত উঠাই চিকিৎসালয়লৈ নিব লগা হয় ৰোগীক । শনিবাৰৰ এই দৃশ্যটো লখিমপুৰ জিলাৰ দুৰ্গম অঞ্চল পানীগাঁও এলেকাৰ আমতলাৰ বন গাঁৱৰ ৷ উল্লেখযোগ্য যোৱা কেইবাদিন ধৰি ঘৰৰ ভিতৰতে ৰোগত আক্ৰান্ত হৈ পৰি থকা প্ৰয়াত অকমানি দাসৰ পত্নী লক্ষীমাই দাসক (৪৫) এনেদৰে স্থানীয় প্ৰতিবেশীয়ে উপায়ন্ত হৈ ঠেলাত উঠাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিব লগা হয় ৷

কেও কিছু নোহোৱা এই মহিলা গৰাকী কেইবাদিন ধৰি জ্বৰ-কাঁহ, বমি মূৰৰ বিষ আদিত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত ঘৰৰ ভিতৰতে পৰি আছিল ৷ উপায়ন্তৰ হৈ স্থানীয় লোকে ৰোগী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও কোনো যান-বাহন চলাচল কৰিবলৈ সুচল পথ নথকা বনগাঁৱৰ পৰা লক্ষীমাই দাসক কেইবা কিলোমিটাৰ দূৰ ঠেলাত উঠাই আনে । অৱশেষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সন্ধিয়া ভৰ্তি কৰা হয় ৷

পৰিতাপৰ কথা যে স্থানীয় লোকসকলে কিছু দূৰলৈ আগুৱাই আহিবলৈ ১০৮ৰ লগত বহুবাৰ যোগাযোগ কৰিও ব্যৰ্থ হোৱাৰ পিছত অৱশেষত প্ৰথম অৱস্থাত লক্ষীমাই দাসক ঠেলাত আৰু তাৰ পিছত নেপালি গাঁৱৰ পৰা কোনোমতে এখন ব্যক্তিগত বাহনত ৰোগীগৰাকীক তুলি ১৫ কিলোমিটাৰ দূৰত থকা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় ।

প্ৰতিবছৰে বৃহত্তৰ আমতলা অঞ্চলৰ বনগাঁও, দোৱাৰপাৰ, শান্তিপুৰ, মলোৱাল, গামচুক আদিৰ লোকসকলে এনেদৰে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে যদিও তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা পশ্চিম তেলাহী গাঁও পঞ্চায়তৰ এই লোকসকলে সুচল যাতায়তৰ মুখ নেদেখিলে ৷ ফলত বহু ৰোগীৰ সেই অঞ্চলত বিনা চিকিৎসাই মৃত্যু হৈ আহিছে ৷

বিশেষকৈ গৰ্ভৱতী মহিলাসকলে প্ৰায়েই এনে যাতনাৰ সন্মুখীন হৈ আহিছে যদিও কোনো এখন চৰকাৰেই বৃহত্তৰ আমতলাবাসীৰ দুৰ্দশাৰ অন্ত পেলাব নোৱাৰিলে ৷ বাৰিষা ৰঙানদীখনক বুকুত লৈ তেওঁলোকে তুলুঙা নাৱেৰে সকলো ক্ষেত্ৰতে লখিমপুৰ সদৰৰ লগত যোগাযোগ ৰাখিব লগা হয় ৷ বহু সময়ত নাও দুৰ্ঘটনাত বিভিন্ন জনে প্ৰাণ হেৰুৱাইয়ো আহিব লগা হৈছে ৷ শেহতীয়াকৈ লক্ষীমাই দাসক এনেদৰে ঠেলাত উঠাই চিকিৎসালয়লৈ নিয়া কৰুণ দৃশ্যই সচেতন ৰাইজক মৰ্মাহত কৰি তুলিছে ৷

লগতে পঢ়ক:Poor road condition in Samaguri: অক্সিজেন কোম্পানীৰ বাহনৰ বাবে গেন্ধালি-বৰদল সংযোগী পথত সৃষ্টি প্ৰকাণ্ড গাঁত

ABOUT THE AUTHOR

...view details