Poor road condition in Samaguri: অক্সিজেন কোম্পানীৰ বাহনৰ বাবে গেন্ধালি-বৰদল সংযোগী পথত সৃষ্টি প্ৰকাণ্ড গাঁত

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 9:58 AM IST

thumbnail

চামগুৰি, 12 নৱেম্বৰ : চামগুৰিৰ গেন্ধালি বৰদল সংযোগী পথৰ দুৰৱস্থাই এতিয়া জলাকলা খুৱাইছে সাধাৰণ ৰাইজক । বাৰিষাটো দূৰৰ কথা খৰালিটো এই পথচোৱাৰে অহা-যোৱা কৰাত যমৰ যাতনা ভুগি আহিছে অঞ্চলটোৰ ৰাইজে ৷ ইফালে বাৰিষাৰ কথা ক’বই নালাগে, বাৰিষাৰ সময়ত এই ব্যস্ততাময় পথচোৱা বোকাময় পথাৰলৈ ৰূপান্তৰ হয় ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

উল্লেখ কৰাৰ প্ৰয়োজন যে, গেন্ধালি গাঁৱত আছে অক্সিজেনৰ এটা কোম্পানী ৷ দৈনিক এই কোম্পানীটোলৈ আহ-যাহ কৰে গধুৰ বাহন ৷ যাৰ ফলত পথচোৱাত সৃষ্টি হৈছে  প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ । পথচোৱাৰ এই দুৰৱস্থাৰ বাবে দৈনিক আহ-যাহ কৰাত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ সাধাৰণ ৰাইজ ৷

স্থানীয় ৰাইজে জানিব দিয়া মতে, এই বিষয়ে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Student enrollment with fraud : আজবকাণ্ড; ধনৰ খকত জালিয়াতিৰে ছাত্ৰৰ নামভৰ্তি বিদ্যালয়ত !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.