অসম

assam

পীযুষৰ পাছত এইবাৰ জেহাদীৰ বিৰুদ্ধে মন্ত্রী জয়ন্ত মল্লৰ হুংকাৰ

By

Published : Sep 2, 2022, 7:10 PM IST

Updated : Sep 2, 2022, 7:19 PM IST

ৰাজ্যত জেহাদীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে পুনৰ জেহাদীৰ বিৰুদ্ধে হুংকাৰ দিছে জনস্বাস্থ্য কাৰিকৰী তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah on Jihadi) । শুকুৰবাৰে লখিমপুৰত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে জেহাদীৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতি পুনৰ স্পষ্ট কৰি দিয়ে ।

Minister Jayanta Malla Baruah on Jihadi
পীযুষৰ পাছত এইবাৰ জেহাদীৰ বিৰুদ্ধে মন্ত্রী জয়ন্ত মল্লৰ হুংকাৰ

লখিমপুৰ, ২ ছেপ্টেম্বৰ :ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ চৰকাৰখন যিমানেই কঠোৰ হ’ব লাগে সিমানেই কঠোৰ হ’ব(Jihadi Activities In Assam) । মন্ত্ৰী পীযুষ হাজৰিকাৰ পাছত এইবাৰ জেহাদীৰ বিৰুদ্ধে হুংকাৰ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah on Jihadi) । শুকুৰবাৰে লখিমপুৰত জলজীৱন মিছন আঁচনি(Jal Jeevan Mission) পৰিদৰ্শন কৰিবলৈ আহি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকালত এইদৰে কয় ।

জনস্বাস্থ্য কাৰিকৰী তথা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

মন্ত্ৰীগৰাকীয়ে এ আই ইউ ডি এফকো সমালোচনা কৰি এই দলটো জেহাদীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই জন্ম হোৱা বুলি সমালোচনা কৰে । তেওঁ নতুনকৈ মন্ত্ৰিত্ব আৰু তিনি জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰি তেওঁ ৰাইজৰ ওচৰত অধিক দায়বদ্ধ হোৱাৰ লগতে ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱাৰ সংকল্পৰ কথা প্ৰকাশ কৰে । তেওঁ লগতে অসমত বহুত ভাল কাম হৈছে যদিও নেতিবাচক প্ৰচাৰ বেছি হোৱা বুলি খেদ প্ৰকাশ কৰে ।

মন্ত্রী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াৰে একাধিক সভাত অংশগ্ৰহণ কৰাৰ পাছত জিলাখনত পয়ালগা অৱস্থাত থকা মহিলা আই টি আইখন পৰিদৰ্শন কৰাৰ উপৰি পানী যোগান আঁচনিও উদ্বোধন কৰে(Water Supply Schemes in Lakhimpur) । তেওঁৰ এই কাৰ্যসূচীত বিধায়ক মানৱ ডেকা, অমিয় কুমাৰ ভূঞা, উপায়ুক্ত সুমিত সাত্তাৱান, বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱায়ো সহযোগ কৰে ।

লগতে পঢ়ক:মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই কংগ্ৰেছ বিধায়কৰ

Last Updated : Sep 2, 2022, 7:19 PM IST

ABOUT THE AUTHOR

...view details