মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই কংগ্ৰেছ বিধায়কৰ

author img

By

Published : Sep 2, 2022, 5:07 PM IST

Congress MLAs on Madrasa demolition

মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি আৰু এ আই ইউ ডি এফে সন্মিলিতভাৱে ভোটৰ স্বাৰ্থত এই ষড়যন্ত্ৰ কৰিছে বুলি উল্লেখ কৰে দুই কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু নুৰুল হুদাই (Congress MLAs on Madrasa demolition) ৷ আলফালৈ যোৱা ল’ৰা-ছোৱালীয়ে পঢ়া বিদ্যালয়সমূহ কিন্তু চৰকাৰে ভঙা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক মণ্ডলে ৷

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: ‘‘মাদ্ৰাছাত উচ্ছেদ চলোৱা চৰকাৰে পৰেশ বৰুৱা আৰু ৰঞ্জন দৈমাৰীয়ে পঢ়া বিদ্যালয়ত কিয় চলোৱা নাই উচ্ছেদ ? বিজেপিয়ে ৰাইজক সাপ হৈ খুটিছে আৰু এ আই ইউ ডি এফে বেজ হৈ জাৰিছে ৷ BJP-AIUDF অসমৰ ৰাজনীতিত ডাঙৰ ভাই-সৰু ভাই’’ ৷ মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয় পশ্চিম গোৱালপাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলে (Abdul Rasid Mandal reacts to Madrasa demolition) ৷ BJP আৰু AIUDF এ ভোটৰ বাবে একেলগে বহি পৰিকল্পনা কৰে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

মাদ্ৰাছা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া দুই কংগ্ৰেছ বিধায়কৰ

আব্দুল ৰচিদ মণ্ডলে কয় যে, মুছলমান অধ্যুষিত অঞ্চলত বুলড’জাৰ চলাই বা ভোট বিভাজন কৰি কোনে লাভ উঠাইছে সেয়া ইতিমধ্য স্পষ্ট হৈ পৰিছে (Madrasa demolition in Assam) ৷ সংবিধানৰ নামত শপত লোৱা চৰকাৰে সংবিধানৰ অৱমাননা কৰিছে ৷ সংবিধানে ধৰ্মীয় শিক্ষানুষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও চৰকাৰে দুষ্কৃতিকাৰী ধৰা পেলোৱাৰ দোৱাই দি মাদ্ৰাছাবোৰ ভাঙি দিছে ৷

আলফালৈ যোৱা ল’ৰা-ছোৱালীয়ে পঢ়া বিদ্যালয়সমূহ কিন্তু চৰকাৰে ভঙা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক মণ্ডলে ৷ পৰেশ বৰুৱা আৰু ৰঞ্জন দৈমাৰীয়ে পঢ়া স্কুল-কলেজত বুলড’জাৰ কিয় চলোৱা নাই বুলি তেওঁ প্ৰশ্ন কৰে ৷ দুষ্কৃতিকাৰীক ধৰা পেলাই ফাঁচী দিবলৈ আহ্বান জনোৱা বিধায়ক আব্দুল ৰচিদ মণ্ডলে, জেহাদীৰ নামত ধৰ্মীয় শিক্ষানুষ্ঠান ধ্বংস নকৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৷

লগতে পঢ়ক: বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান

ইফালে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই কয় যে, চৰকাৰে জেহাদীৰ নাম লৈ মাদ্ৰাছা ভাঙিছে (Nurul Huda reacts to Madrasa demolition) ৷ সন্ত্ৰাসবাদক কেতিয়াও সমৰ্থন নকৰোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে, ইছলাম শান্তিৰ ধৰ্ম ৷ হিংসা আৰু সন্ত্ৰাসৰ স্থান মাদ্ৰাছাত নাই ৷ যদি কোনো লোকে সন্ত্ৰাসৰ লহত জড়িত হৈ তেনে কাম কৰিছে, তেন্তে তেওঁলোকক ধৰি চৰকাৰ প্ৰশাসনে ফাঁচী বা জেইল দিয়ক ৷ কিন্তু মাদ্ৰাছা ভঙাটো চৰকাৰে গৰ্হিত কাম কৰিছে ৷ ধৰ্মীয় শিক্ষাৰে সমাজখনৰ সংস্কাৰ সাধন কৰাৰ ক্ষেত্ৰত চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ইছলাম ধৰ্মীয় লোকসকলক বঞ্চিত কৰিছে বুলি বিধায়ক হুদাই কয় ৷

কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ো BJP-AIUDF ৰ মাজত সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি কয় যে, দুয়োটা দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি (Congress slams BJP and AIUDF) ৷ কৰিমগঞ্জৰ ইছাবিলত উচ্ছেদ চলোৱাৰ সময়ত প্ৰশাসনে AIUDF ৰ লোকক তালৈ যোৱাৰ অনুমতি দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছৰ দলটোৰ আধা বাটতে আৱদ্ধ কৰি ৰাখে বুলি উল্লেখ কৰে ৷

বিজেপি দলে উচ্ছেদ আৰু অত্যাচাৰ চলাই AIUDF ক মানুহক শান্তনা দিবলৈ পঠিয়াই বুলি কটাক্ষ কৰে হুদাই ৷ মাদ্ৰাছা ভাঙি সংখ্যাগুৰুৰ সমৰ্থন আদায়ৰ বাবে বিজেপিয়ে চেষ্টা কৰিব আৰু ঘৰিয়ালৰ চকুপানী টুকি AIUDF য়ে সংখ্যালঘুসকলক একটেতিয়া কৰাৰ ৰাজনৈতিক অভিসন্ধি কৰা বুলি হুদাই অভিযোগ কৰে ৷

উল্লেখ্য যে, ৰাজ্যৰ বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, মৰিগাঁৱত বাংলাদেশী মৌলবাদী সংগঠন আনচাৰুল্লা বাংলা টীমৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা আৰু ইমামৰ ভেশ লৈ ABT সন্ত্ৰাসবাদীয়ে কেইবাখনো মাদ্ৰাছাত সন্ত্ৰাসবাদৰ শিক্ষা প্ৰদান কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহে (ABT terrorist in Assam) ৷ আৰক্ষীৰ হাতত ধৰা পৰে কেইবাজনো ABT সদস্যৰ লগতে জেহাদীৰ লিংকমেন ৷ তাৰ পাচতেই ভাঙি পেলোৱা হয় মৰিগাঁৱৰ এখন, বৰপেটাৰ এখন আৰু বঙাইগাঁৱৰ এখন মাদ্ৰাছা ৷ এইদৰে মাদ্ৰাছাত উচ্ছেদ চলোৱাৰ পাচতেই সম্প্ৰতি ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷

লগতে পঢ়ক: মাদ্ৰাছা উচ্ছেদ: উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ হুংকাৰ আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.