বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান

author img

By

Published : Aug 31, 2022, 11:06 AM IST

Updated : Aug 31, 2022, 7:29 PM IST

Administration Eviction drive in Jehadi madrasa

পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাত চলিল বুলডজাৰ(Eviction drive in Jihadi madrasa) ৷ বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছত স্থানীয় ৰাইজৰ সহযোগত মাদ্ৰাছা কৰ্তৃপক্ষই নিশাৰে পৰা চলাইছিল উচ্ছেদ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী মুফতি হাফিজুৰ ৰহমানে শিক্ষকতা কৰিছিল মাদ্ৰাছাখনত ৷

বঙাইগাঁও, 31 আগষ্ট: বৰপেটাৰ পিছত বুধবাৰে বঙাইগাঁও জিলাৰ এখন মাদ্ৰাছাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাত চলিল প্ৰশাসনৰ বুলডজাৰ(Demolished madrasa in Jogighopa) ৷ জেহাদী সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুফতি হাফিজুৰ ৰহমানে শিক্ষকতা কৰিছিল এই মাদ্ৰাছাখনত ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা পূৰ্বেই মাদ্ৰাছাখনত উচ্ছেদ চলোৱা সন্দৰ্ভত জাননী জাৰি কৰা হৈছিল(Madrasa Demolished After Teacher's Arrested) ৷

বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান

বঙাইগাঁও জিলা প্ৰশাসনে প্ৰেৰণ কৰা ৮ খন এক্সেভেটৰৰ সহযোগত মাদ্ৰাছাখনত উচ্ছেদ অভিযান চলোৱা হয় । উচ্ছেদ অভিযানৰ সময়ত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ঘটনাস্থলীত জিলা প্ৰশাসনে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰে । আনহাতে প্ৰশাসনৰ জাননী লাভৰ পিছতে মাদ্ৰাছা কৰ্তৃপক্ষই মাদ্ৰাছাখনৰ পৰা সা-সামগ্ৰী, আচবাব লৈ আঁতৰি যোৱা পৰিলক্ষিত হয় ৷

ইফালে নিশা মাদ্ৰাছাখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ ছাত্ৰাবাস খালী কৰে ৷ ইতিমধ্যে মাদ্ৰাছাৰ ছাত্ৰসকল নিজ নিজ বাসগৃহলৈ উভতি যায় ৷ প্ৰশাসনে মাদ্ৰাছাখনৰ পৰা জেহাদ সম্পৰ্কীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰে ৷ গোৱালপাৰা-বঙাইগাঁও আৰক্ষীৰ বৃহৎ দলে চলাইছিল এই অভিযান(Bongaigaon police had evacuated the madrasa) ৷

লগতে পঢ়ক : শিশু নিৰ্যাতনত অভিযুক্ত ধেমাজিৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষকক ক্ৰাইম ব্ৰান্সত জেৰা

Last Updated :Aug 31, 2022, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.