অসম

assam

লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

By

Published : Aug 17, 2022, 6:15 PM IST

উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত পূব চানমাৰিৰ বসতিপূৰ্ণ এলেকাত আছে পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড (Lakhimpur municipality Dumping ground at inhabited area) । পৌৰসভাই জধেমধে জাবৰ-জোঁথৰ পেলোৱাক কেন্দ্ৰ কৰি এলেকাটোৰ কেইবা শতাধিক লোকে এনে কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে ৰাজপথলৈ ওলাই আহে ।

lakhimpur
lakhimpur

লখিমপুৰ, ১৭ আগষ্ট : লখিমপুৰ নগৰৰ খেলমাটিৰ চানমাৰি অঞ্চলত বুধবাৰে পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে (Dumping Ground controversy in North Lakhimpur) । ডাম্পিং গ্ৰাউণ্ডে অঞ্চলটোৰ বাতাৱৰণ দূষিত কৰাৰ অভিযোগ তুলি অঞ্চলটোৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰে (Local people protest against Lakhimpur municipality dumping ground) ।

উত্তৰ লখিমপুৰৰ পূব চানমাৰিত জাবৰ-জোঁথৰ পেলোৱাক কেন্দ্ৰ কৰি বুধবাৰে প্ৰতিবাদমুখৰ হৈ উঠে স্থানীয় ৰাইজ । উল্লেখ্য, উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত পূব চানমাৰিৰ বসতিপূৰ্ণ এলেকাত আছে পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড (Lakhimpur municipality Dumping ground at inhabited area) । পৌৰসভাই জধেমধে জাবৰ-জোঁথৰ পেলোৱাক কেন্দ্ৰ কৰি এলেকাটোৰ কেইবা শতাধিক লোকে এনে কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে ৰাজপথলৈ ওলাই আহে ।

লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী ৰাইজে ওলাই আহি পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলি ডাম্পিং গ্ৰাউণ্ডৰ দুৰ্গন্ধই অঞ্চলটোৰ বাতাৱৰণ দূষিত কৰাৰ অভিযোগ তোলে (foul smell of dumping ground allegedly polluted atmosphere) । উল্লেখ্য যে উত্তৰ লখিমপুৰ পৌৰসভাই ডাম্পিং গ্ৰাউণ্ডৰূপে ব্যৱহাৰ কৰা স্থানডোখৰৰ সমীপতে শিৱ মন্দিৰ,বিদ্যালয় (Dumping ground near School and Shiv Mandir) আৰু জনবসতিপূৰ্ণ এলেকা হোৱাৰ বাবে জনসাধাৰণৰ ভীষণ অসুবিধাৰ সন্মুখীন হোৱাৰ ফলতেই বুধবাৰে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰে অঞ্চলটোৰ ৰাইজ ।

লগতে ওলাই আহে এলেকাটোৰ ভুক্তভোগী লোকসকল ৷ আনহাতে, ৰাইজৰ তীব্ৰ প্ৰতিবাদত জাবৰ-জোঁথৰ পেলোৱা পৌৰসভাৰ গাড়ীসমূহ আজি ঘূৰি যাবলৈ বাধ্য হয় । উল্লেখ্য, পৌৰসভাই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ নকৰিলে ৰাইজে অবিৰতভাৱে প্ৰতিবাদ জনাই যাব বুলিও সকীয়াই দিয়ে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

TAGGED:

ABOUT THE AUTHOR

...view details