ETV Bharat / city

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Aug 17, 2022, 3:00 PM IST

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (KMSS protest in Guwahati)। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীক বাধা প্ৰদান অসম আৰক্ষীৰ । প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে ।

Protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

গুৱাহাটী,১৭ আগষ্ট : দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক (Essential commodities Price hike in India)। পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সামগ্ৰী, শাক-পাচলি বৰ্ধিত মূল্যই চিন্তাত পেলাইছে সাধাৰণ ৰাইজক । কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে (Government failed to control price rise)। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে ।

এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় অসম । প্ৰায় প্ৰতিদিনে অসমৰ বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে (Protest against Govt)। বুধবাৰৰ দিনটোত ৰাজ্যত কেইবাটাও সংগঠনে মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (KMSS protest in Guwahati)।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গুৱাহাটী ক্লাৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তাৎক্ষণিকভাৱে বস্তুৰ দাম হ্ৰাস কৰিবলৈ দাবী জনায় । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিবাদ অংশ লৈ কয় যে চৰকাৰে প্ৰতিটো সামগ্ৰীৰে মূল্য বৃদ্ধি কৰিছে । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, গৃহ নিৰ্মাণৰ সামগ্ৰী, ৰন্ধন গেছত মূল্যবৃদ্ধি কৰিছে আৰু লগতে ভাড়াঘৰতো জি এছ টি লগাইছে । চৰকাৰে ব্যাপক হাৰত মূল্যবৃদ্ধি কৰাৰ লগতে ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ কৰ জাপি দিছে । যিয়ে সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁ অভিযোগ কৰা মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে একমাত্ৰ বিজেপি চৰকাৰ দায়ী । মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হ'লে ইয়াৰ পিছত এনেধৰণৰ অধিক প্ৰতিবাদ হ'ব বুলিও তেওঁ হুংকাৰ দিয়ে । ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদক বাধা দিয়ে আৰক্ষীয়ে । এই প্ৰতিবাদ বেআইনী বুলি ঘোষণা কৰি প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে আৰু তেওঁলোকক গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীলৈ লৈ যায় ।

লগতে পঢ়ক :প্ৰতিবাদ আৰম্ভ নৌহওঁতেই যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.