অসম

assam

সীমা সমস্যাৰ সমাধানৰ দৰে অসম চুক্তি ৰূপায়ণৰ প্ৰক্ৰিয়াও আগবাঢ়িব: মন্ত্রী অতুল বৰা

By

Published : Sep 20, 2022, 6:36 PM IST

লখিমপুৰত মন্ত্ৰী অতুল বৰা

লখিমপুৰত ইন্দিৰা মিৰি বিধবা সাহায্য আঁচনিৰ এককালীন সাহায্যৰ চেক (Indira Miri Universal Widow Pension scheme) বিতৰণ কৰিলে মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে অসম চুক্তি ৰূপায়ণৰ প্ৰসংগতো মন্তব্য কৰে (Implementation of Assam Accord)৷

লখিমপুৰ, 20 ছেপ্টেম্বৰ: মঙলবাৰে ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় ইন্দিৰা মিৰি বিধবা সাহায্য আঁচনিৰ এককালীন সাহায্যৰ চেক (Indira Miri Universal Widow Pension scheme)। লখিমপুৰত জিলাখনৰ নতুনকৈ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি জিলা পুথিভঁৰালত অনুষ্ঠিত চেক বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই (Guardian minister of Lakhimpur)।

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে সীমা সমস্যা, অসম চুক্তি ৰূপায়ণৰ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত অসম চুক্তিৰ দফা কাৰ্যকৰী হ’ব । চুক্তিখনৰ ছয় নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীৰ দিশে আগবাঢ়িব । এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora)।

লখিমপুৰত মন্ত্ৰী অতুল বৰা

ৰাজ্যৰ সীমা সমস্যা(Border conflict of Assam) ইতিমধ্যে সমাধানৰ দিশে যিদৰে আগবাঢ়িছে তেনেদৰে অসম চুক্তি ৰূপায়ণৰ (Implementation of Assam Accord) বিষয়টোও সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত আগবাঢ়িব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই । উল্লেখ্য মন্ত্ৰী অতুল বৰাই লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দ্বায়িত্ব লাভ কৰাৰ পাছতে মঙলবাৰে লখিমপুৰ জিলাৰ পুথিভঁৰালত বিধৱা মহিলাক ইন্দিৰা মিৰি বিধবা সাহায্য আঁচনিৰ অধীনত ২৫ হাজাৰ টকাকৈ চেক বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে (Cheque distribution in Lakhimpur)।

জিলাখনৰ ৩৮০ গৰাকী মহিলাক এই সাহায্য প্ৰদান কৰা হয় । অনুষ্ঠানটোত বানে ঘৰ ভঙা পৰিয়ালকো একলাখকৈ টকাৰ সাহায্য প্ৰদান কৰা হয় । জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান, বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱা আদিয়েও এই অনুষ্ঠানত মন্ত্ৰীগৰাকীক সহযোগিতা কৰে ।

লগতে পঢ়ক:চাকৰিৰ পৰা নিলম্বন কৰা হ’ল ভিক্টৰ দাসক

ABOUT THE AUTHOR

...view details