অসম

assam

Prohibition of Child Marriage: লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বাল্যবিবাহ প্ৰতিৰোধী পৰ্যালোচনা সভা

By

Published : Feb 10, 2023, 8:58 AM IST

লখিমপুৰত বাল্যবিবাহ প্ৰতিৰোধী পৰ্যালোচনা সভা (Child Marriage Prevention Meeting in Lakhimpur) ৷ লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই পৰ্যালোচনা সভা ৷ জিলাখনৰ বাল্যবিবাহ হোৱা স্থানত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ খণ্ড উন্নয়ন বিষয়াক নিৰ্দেশ অতিৰিক্ত জিলা উপায়ুক্তৰ ৷

Prohibition of Child Marriage
লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বাল্যবিবাহ প্ৰতিৰোধী পৰ্যালোচনা সভা

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বাল্যবিবাহ প্ৰতিৰোধী পৰ্যালোচনা সভা

লখিমপুৰ, 10 ফেব্ৰুৱাৰী: লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বাল্যবিবাহ প্ৰতিৰোধী পৰ্যালোচনা সভা (Child Marriage Prevention Meeting in Lakhimpur) ৷ বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সজাগতা সভা ৷ অতিৰিক্ত জিলা উপায়ুক্ত মনোৰমা মৰাঙে সভাপতিত্ব কৰা পৰ্যালোচনা সভাত বাল্যবিবাহ সমাজৰ পৰা কিদৰে নোহোৱা কৰিব পাৰি সেই সম্পৰ্কত আলোচনা কৰা হয় ৷

এই সভাত অতিৰিক্ত জিলা উপায়ুক্তগৰাকীয়ে কয় যে, সামাজিক ব্যাধি স্বৰূপ বাল্যবিবাহে সমাজত সমাধান কৰিব নোৱাৰাকৈ সমস্যা সৃষ্টি কৰে । বাল্যবিবাহৰ বলি হোৱা কন্যাগৰাকীৰ বাবেই কেৱল ই বিপজ্জনক নহয় ৷ এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰটো ই বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে (Child marriage in Assam) ৷ বাল্যবিবাহৰ খবৰ পালেই জিলা প্ৰশাসন অথবা আৰক্ষীক অৱগত কৰিবলৈয়ো আহ্বান জনাই অতিৰিক্ত জিলা উপায়ুক্তগৰাকীয়ে ৷

এই পৰ্যালোচনা সভাতে অতিৰিক্ত জিলা উপায়ুক্তগৰাকীয়ে বাল্যবিবাহ সম্পন্ন হোৱা অঞ্চলসমূহত 11 ফেব্ৰুৱাৰীৰ পূৰ্বেই ব্যাপক সজাগতা সভা অনুষ্ঠিত কৰি বাল্যবিবাহৰ বিৰূপ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ সংশ্লিষ্ট এলেকাৰ খণ্ড উন্নয়ন বিষয়া আৰু শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকলক নিৰ্দেশনা দিয়ে (Campaign for child marriage prevention) । লগতে সভাত উপস্থিত থকা বিভিন্ন টেন্ট হাউচৰ গৰাকী আৰু ছপাশালৰ গৰাকীসকলক উপযুক্ত অনুসন্ধান কৰিহে বিয়াত ৰভা দিয়া নাইবা নিমন্ত্ৰণী পত্ৰ ছপাবলৈ আহ্বান জনায়(Prohibition of Child Marriage) ।

সভাখনত উপস্থিত থাকে লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব অনুপ খানাল, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, মহিলা সৱলীকৰণৰ জিলা মিচন সমন্বয়ক প্ৰাংগনা বৰা, খণ্ড উন্নয়ন বিষয়া, শিক্ষা বিভাগৰ বিষয়া, ছপাশালৰ গৰাকী, টেণ্ট হাউচৰ গৰাকীকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল ৷

উল্লেখ্য যে, বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক লৈ সমগ্ৰ ৰাজ্যতে অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া (Crackdown on child marriage in Assam) ৷ চৰকাৰৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে যদিও যি প্ৰক্ৰিয়াৰে এই সমস্যা সমাধান কৰিবলৈ চৰকাৰে বিচাৰিছে তাৰ বিৰোধিতা কৰিছে একাংশ লোকে (Assam anti child marriage drive) ৷ ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টিৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে (Operation against child marriage) ৷ ইফালে, বৰ্তমানলৈকে বাল্যবিবাহ কৰা আৰু ইয়াৰ লগত জড়িত 2666 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Youth assembly in Guwahati: গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে যুৱ সদন

ABOUT THE AUTHOR

...view details