অসম

assam

বহিঃৰাজ্যত দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ’ল অসমৰ যুৱকৰ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 5:02 PM IST

কাম কৰিবলৈ গৈ অৰুণাচলত লখিমপুৰৰ এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ অৰুণাচল প্ৰদেশৰ হাফলিত নাওবৈচাৰ যুৱকজনক দুৰ্বৃত্তই নির্মমভাৱে প্ৰহাৰ কৰাত মৃত্যু হয় তেওঁৰ ৷

Assam Youth Attacked by Miscreants in Arunachal
যুৱকৰ মৃত্যুৰ ঘটনা

বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

লখিমপুৰ, 1 ডিচেম্বৰ : কৰ্মৰ সন্ধানত গৈ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হ’ব ধৰিছে ৷ শেহতীয়াকৈ পুনৰ কাম কৰিবলৈ গৈ অৰুণাচলত লখিমপুৰৰ এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কর্মৰ সন্ধানত থকা নাওবৈচাৰ হাৰিবৰ নাহৰণিৰ এজন যুৱক দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নাওবৈচাৰ হাৰিবৰ নাহৰণি গাঁৱৰ দিগন্ত তামুলী (45) প্ৰায় এবছৰৰ অৰুণাচল প্ৰদেশৰ লৱাৰ সোৱণশিৰি জিলাৰ হাফলিৰ এখন দোকানত কৰ্মৰত হৈ আছিল ৷ বৃহস্পতিবাৰৰ সন্ধিয়া দোকানৰ পৰা প্ৰায় 7.30 বজাত হাফলিৰ ভাড়াঘৰলৈ আহি থকা অৱস্থাত কোনো দুৰ্বৃত্তই নিমৰ্মভাৱে প্ৰহাৰ কৰি পেলাই থৈ যায় দিগন্তক ৷

পাছত স্থানীয় চিনাকি লোকে মুমূর্ষু অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি জিৰ'ৰ চিকিৎসালয়ত ভৰ্তি কৰায় দিগন্তক ৷ কিন্তু পৰিয়ালৰ লোক সেই স্থানলৈ যাব নোৱাৰাৰ বাবে হাফলিত থকা চিনাকী অসমীয়া লোকক ফোনযোগে অনুৰোধ কৰি উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ আনি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক ৷

জিৰ হাফলি এলেকাত প্ৰচণ্ড শীতৰ বাবে দিগন্তৰ শাৰীৰিক অৱস্থা অধিক শোচনীয় হোৱা বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ দুটাকৈ সন্তানৰ পিতৃ দিগন্ত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল ৷ পৰিয়াল আৰু স্থানীয়লোকে অভিযোগ কৰা মতে অৰুণাচলী দুৰ্বৃত্তই দিগন্তক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছে ৷ চুবুৰীয়া ৰাজ্যখনত কৰ্মসূত্ৰে থকা অসমীয়া লোকক এনেদৰে হত্যা কৰা ঘটনাই সমগ্ৰ লখিমপুৰ জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক :নাৰায়ণপুৰত বিশুদ্ধ পানীৰ বটলত ওলাল শেলাই

ABOUT THE AUTHOR

...view details