অসম

assam

ASHA worker: পোন্ধৰ হাজাৰ দৰমহা আৰু স্কুটী দিলে আমি সকলো কাম কৰিবলৈ সাজু- আশা কৰ্মী

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:15 PM IST

বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে আশা কৰ্মীসকলে । তেওঁলোকে বিভিন্ন দাবী পূৰণৰ হকে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । আন জিলাৰ দৰে লখিমপুৰতো জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত আশা কৰ্মীসকলে ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে ।

asha workers hold protest in lakhimpur
ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে আশা কৰ্মীসকলে

ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে আশা কৰ্মীসকলে

লখিমপুৰ, ১ নৱেম্বৰ :আশা কৰ্মীৰ ধৰ্ণাত উত্তাল হ’ল লখিমপুৰ । বুধবাৰে সমগ্ৰ ৰাজ্যৰ জিলাই জিলাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আশা-কৰ্মীসকলে । তেওঁলোকে বিভিন্ন দাবী পূৰণৰ হকে ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো একেই পৰিৱেশৰ সৃষ্টি হয় । জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত শ শ আশা কৰ্মীয়ে ধৰ্ণা দিয়ে ।

আশা কৰ্মীক নিযুক্তি দিয়ক,অতিৰিক্ত কামৰ বোজা কমাই দিয়ক, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি আশা কৰ্মীসকলে স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখ ভাগ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰী আশা কৰ্মীসকলে কয়, মাথো তিনি হেজাৰ টকাৰ বিনিময়ত তেওঁলোকক অতি বেছিকৈ কামত খটুওৱা হৈছে । মাহিলী তিনিহেজাৰ টকাও সময় মতে নিদিয়ে । ছয় সাত মাহৰ মূৰতহে তেওঁলোকে এই সামান্য টকা কেইটা পাবলৈ সক্ষম হয় ।

আনহাতে বহু আশা কৰ্মীক বৰ্তমান অন্যায়ভাৱে কামৰ পৰা অব্যাহতি দিয়াৰো অভিযোগ তোলে আশা কৰ্মীসকলে । তেওঁলোকে কয় পূৰ্বতে আশা কৰ্মীসকলক নিয়োগ কৰাৰ সময়ত শিক্ষাগত অৰ্হতাত বিশেষ গুৰুত্ব দিয়া নাছিল যদিও বৰ্তমান শিক্ষা যোগ্যতা বিচাৰ কৰি তেওঁলোকৰ বহুতক অব্যাহতি দিয়া হৈছে । এইয়া অন্যায় বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে । বিগত ১৮ বছৰ ধৰি মিছনটোৰ বুনিয়াদী শক্তি হিচাপে কাম কৰি অহা আশা কৰ্মীসকলক বঞ্চনা কৰা বুলিও তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে ।

তেওঁলোকে এনএইচএমৰ কৰ্মচাৰীৰ দৰে আশা কৰ্মীসকলকো নিযুক্তি প্ৰদান কৰা, মাননিৰ পৰিৱৰ্তে উপযুক্ত মজুৰি কমেও পোন্ধৰ হেজাৰকৈ টকা প্ৰদান কৰা, অতিৰিক্ত কামৰ বোজা হ্ৰাস কৰা, সময়মতে মজুৰি প্ৰদান কৰা, স্কুটী প্ৰদান কৰাৰ আদি দাবী জনায় । এনে দাবীসমূহেৰে আশা কৰ্মীসকলে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী তথা বিভাগলৈ এখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই কাৰ্যসূচীত আশা কৰ্মী সন্থাৰ জিলা সভানেত্ৰী লিলি কলিতা, সম্পাদিকা দিপালী শইকীয়াসহ কেইবাশ আশা কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Protest in Lakhimpur:সহস্রাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ ধৰ্ণাত কঁপিল লখিমপুৰ

ABOUT THE AUTHOR

...view details