অসম

assam

IPS Anand Mishra : লখিমপুৰত IPS আনন্দ মিশ্রৰ এসপ্তাহ; বিনা ৰক্তপাতে গ্ৰেপ্তাৰ অৰ্ধশতাধিক অপৰাধী

By

Published : May 28, 2023, 6:34 PM IST

62 accused arrested from Lakhimpur in a week
জাল নোটৰ বেহাৰ লগত জড়িত ৬২টা অভিযুক্তক গ্ৰেপ্তাৰ

লখিমপুৰত আৰক্ষী অধীক্ষক ৰূপে আনন্দ মিশ্ৰই যোগদান কৰা আজি এসপ্তাহ সম্পূর্ণ হ’ল (One week of IPS Anand Mishra in Lakhimpur) । এনকাউন্টাৰ স্পেচিয়েলিষ্ট ৰূপে পৰিচিত আনন্দ মিশ্ৰই কিন্তু লখিমপুৰত এটা সপ্তাহত এটাও গুলী ফুটুওৱা নাই । বৰং ধমক দিয়েই কাবু কৰিছে বহু অপৰাধীক ।

anand mishraজাল নোটৰ বেহাৰ লগত জড়িত ৬২টা অভিযুক্তক গ্ৰেপ্তাৰ

লখিমপুৰ, ২৮ মে’ :লখিমপুৰত নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ভৰি থোৱা আজি এসপ্তাহ পূৰ্ণ হ’ল (One week of IPS Anand Mishra in Lakhimpur)। এই এসপ্তাহত তেওঁ নকল সোণ, জাল নোটৰ বেহাৰ লগত জড়িত ৬২টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (62 accused arrested from Lakhimpur in a week) । তাৰোপৰি প্ৰায় ত্ৰিশ কিলোগ্রাম ওজনৰ নকল সোণৰ নাও, যিশুখ্ৰীষ্টৰ মূৰ্তিৰ লগতে এনে নাও অথবা মূৰ্তি প্ৰস্তুত কৰা বহু সঁজুলি আদিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আনন্দ মিশ্ৰ বাহিনীয়ে ।

জিলাখনৰ বঙালমৰা, দলহাট, লালুক, নাওবৈচা আদি এলেকাৰ পৰা এই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । ইয়াৰে একাংশই আত্মসমর্পণ কৰাৰ বিপৰীতে আন একাংশক পোনপটীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, জিলাখনত নকল সোণ, জালনোটৰ বেহাৰ লগতে প্ৰৱঞ্চনাৰ অভিযোগত বিহপুৰীয়া থানাত ৯৬/২০২৩ নম্বৰৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি) /৪০৬/৪২০/৪৮৯(চি)/৪৮৯(ডি)/৩৪ ধাৰাত গোচৰ ৰুজু হৈ আছে ।

একেখন থানাতে ৯৪/২০২৩ নম্বৰত আৰু ১২০(বি)/৪০৬/৪২০/৪৮৯(এ)/৪৮৯(বি)/৪৮৯(চি)/৩৪ ধাৰাত আছে আন এটা গোচৰ । তেনেদৰে লালুক থানাতো ৯৭/২০২৩ নম্বৰত আৰু ৪৮৯(এ)/৪৮৯(চি)/৪২০/৪০৬/১৪/১৫ ধাৰাতো গোচৰ ৰুজু হৈ আছে । লখিমপুৰ সদৰ থানাত আছে ১৯২/২০২৩ নম্বৰৰ আৰু ১২০(বি)/৪৮৯(এ)/৪৮৯(চি) /৪২০/৪০৬ ধাৰাত আছে আন এটা গোচৰ । সম্প্ৰতি এই গোচৰসমূহৰ ভিত্তিতে ৬২ টা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

আনহাতে, জিলাখনত চলি থকা এই অপৰাধৰ সাম্ৰাজ্যখন সম্পূর্ণ উৎখাত নোহোৱালৈকে আৰক্ষীৰ ফালৰ পৰা কঠোৰ অভিযান চলি থাকিব বুলি স্পষ্ট কৰি দিছে আৰক্ষী বিভাগে । লক্ষণীয় বিষয় যে, জিলাখনত এয়া মাথোঁ এটা সপ্তাহৰ আৰক্ষীৰ সফলতা । নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত ভৰি থোৱাৰ এসপ্তাহতে ক’লা সাম্রাজ্যখনত কঁপনি উঠা দেখিবলৈ পোৱা গৈছে ।

এনকাউন্টাৰ স্পেচিয়েলিষ্ট বুলি পৰিচিত আনন্দ মিশ্ৰই কিন্তু জিলাখনত এই পৰ্যন্ত এটাও গুলী ফুটুৱা নাই । এটাও গুলী নুফুটুৱাকৈ মাত্ৰ তেওঁৰ ধমকতে কাবু কৰিবলৈ সক্ষম হৈছে মাফিয়া বাহিনীক । দশকৰ পাচত দশক ধৰি জিলাখনত চলি থকা এনে ক’লা সাম্রাজ্যখনত পূৰ্বৰ আৰক্ষী বিষয়াসকলে সক্ৰিয়ভাৱে শক্তিশালী উদ্যোগ গ্রহণ কৰা নাছিল । যাৰ বাবে এই ক’লা সাম্রাজ্যই ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে বুলি মত প্ৰকাশ কৰে অসমীয়া যুৱ মঞ্চৰ সম্পাদক অনুপম শইকীয়াই ৷

শেহতীয়াকৈ, দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ আগমনতহে কঁপি উঠিল অপৰাধৰ সাম্ৰাজ্যখন । তেওঁ বিনা ৰক্তপাতে জিলাখনক এনে ক’লা জগতখনৰ পৰা মুক্ত কৰিবলৈ দিনে-নিশাই কৰা প্ৰচেষ্টাক ৰাইজে শলাগ জনোৱাৰ লগতে পূৰ্বৰ আৰক্ষী বিষয়াসকলৰ ভূমিকাক লৈ বহু প্ৰশ্নও উত্থাপন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :Raid against Fake currency: নগাঁৱৰ নিজ বাসগৃহৰ চিলিঙত লুকাই থকা অৱস্থাত আটক জালনোট সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details