অসম

assam

অনন্ত ৰায় মহাৰাজাৰ মন্তব্যত বিটিআৰত তুমুল প্ৰতিক্ৰিয়া

By

Published : Aug 25, 2022, 8:23 PM IST

অনন্ত ৰায় মহাৰাজাৰ মন্তব্যত বিটিআৰত তুমুল প্ৰতিক্ৰিয়া (reactions in BTR comments on Ananta Ray Maharaj) ৷ প্ৰস্তাৱিত বড়োলেণ্ড ৰাজ্যৰ এক ইঞ্চি মাটি এৰি দিয়াৰ প্ৰশ্ন নুঠে বুলি মন্তব্য প্ৰাক্তন সংসদ ছানছুমা খুংগুৰ বিছমুথিয়াৰীৰ ৷ অনন্ত ৰায় ভুৱা মহাৰাজা ৷

BTR
BTR

কোকৰাঝাৰ, ২৫ আগষ্ট : বিটিআৰৰ (BTR) কোকৰাঝাৰ, চিৰাং জিলাসহ অবিভক্ত গোৱালপাৰা জিলা আৰু উত্তৰ বংগক সাঙুৰি কোচবিহাৰ কেন্দ্ৰীয়শাসিত ৰাজ্য (proposed kochbihar Union territory) গঠন কৰা হ'ব বুলি অনন্ত ৰায় মহাৰাজে কৰা বিস্ফোৰক মন্তব্যই বিটিআৰৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Ananta Ray Maharaj controvercial comments) ৷

অনন্ত ৰায় মহাৰাজাৰ মন্তব্যত বিটিআৰত তুমুল প্ৰতিক্ৰিয়া

অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুডৰ (All India Bodo Peoples National League for Bodoland Statehood) সভাপতি তথা লোকসভাৰ প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুথিয়াৰীয়ে (Former MP Sansuma Khungur Bismuthiari reaction) অনন্ত ৰায় মহাৰাজৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে প্ৰস্তাৱিত বড়োলেণ্ড ৰাজ্যৰ এক ইঞ্চি মাটিও এৰি দিয়াৰ প্ৰশ্ন নুঠে ৷

লগতে বৰ্তমানৰ বিটিআৰ এলেকাৰ এক ইঞ্চি মাটিও এৰি দিয়াৰ প্ৰশ্ন নুঠে বুলি তেওঁ মন্তব্য কৰে ৷ ইয়াৰ বিপৰীতে পাঁচটাকৈ বড়ো জাতীয় সংগঠনে নতুন দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচীত (Dharna at Jantar Mantar New Delhi) যোৱা ৮ আগষ্টত প্ৰধানমন্ত্ৰী (memorandum to Prime Minister) আৰু গৃহমন্ত্ৰীক সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত (Home Minister Amit Shah) স্মাৰক-পত্ৰ প্ৰদান কৰাৰ কথা সদৰী কৰে প্ৰাক্তন সাংসদগৰাকীয়ে (Memorandum demanding separate Bodoland) ৷

এইক্ষেত্ৰত বিছমুথিয়াৰীয়ে সুকীয়া বড়ো ৰাজ্যৰ দাবী মানি ল'বলৈ কেন্দ্ৰীয় চৰকাৰক পুনৰ আহ্বান জনায় ৷ ইপিনে অনন্ত ৰায় মহাৰাজে গৃহমন্ত্ৰীৰ উদ্ধৃতি দি আগবঢ়োৱা উক্ত মন্তব্যক অমূলক আৰু অবাস্তৱ আখ্যা দিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে ৷ নাৰ্জাৰীয়ে লগতে অনন্ত ৰায় মহাৰাজাক স্বয়ম্ভূ ভুৱা মহাৰাজা বুলি আখ্যা দি কয় যে গৃহমন্ত্ৰীৰ নাম লৈ অনন্ত ৰায়ে মিছা মন্তব্যহে আগবঢ়াইছে ৷

অনন্ত ৰায়ে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনজাতি নেতা দাওৰাও দেখ্ৰৱ নাৰ্জাৰীয়ে পশ্চিমবংগৰ তৃণমুল কংগ্ৰেছৰ (Trinamool Congress) ৰাজনীতিত ফেৰ মাৰিবলৈ বিজেপিয়ে (BJP) এয়া ললিপপহে দেখুইৱাছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে অসমৰ কোচ ৰাজবংশীসকল প্ৰকৃততে ৰাজবংশী নহয় মদাহীহে তথা বড়োমূলীয় গোষ্ঠীৰ আৰু কোচবিহাৰত মেচ ৰজাইহে শাসন চলোৱা বুলি আন এক বিতৰ্কিত মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক :সোণাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details