ETV Bharat / state

সোণাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধৰ্ণা

author img

By

Published : Aug 25, 2022, 4:39 PM IST

অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদত উত্তাল সোণাপুৰ । সোণাপুৰৰ জনজাতি খণ্ড আৰু বেষ্টনী(Tribal Belt Block of Sonapur)বেদখলকাৰী পূর্বাঞ্চল চিমেন্ট কোম্পানীৰ লগতে অবৈধ কাৰখানাসমূহ উচ্ছেদ কৰাৰ দাবীত জনালে প্ৰতিবাদ ।

protest in Sonapur
সোনাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধ

গুৱাহাটী, ২৫ আগষ্ট: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ(order of Gauhati High Court)অনুযায়ী সোণাপুৰৰ ট্ৰাইবেল বেল্ট/ব্লকত(Tribal Belt-Block of Sonapur)বেদখল কৰি থকা পূর্বাঞ্চল চিমেন্ট কোম্পানীক আৰু অবৈধ কল কাৰখানাসমূহ উচ্ছেদ কৰাৰ দাবীৰ সমৰ্থনত অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বৃহস্পতিবাৰে সোনাপুৰত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে(protest in Sonapur)।উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ,ফেষ্টুনলৈ বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

এই কাৰ্যসূচীত অংশ লৈ অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ(Coordination Committee of Tribal Organisations)মুখ্য সমন্বয়ক তথা সদৌ অসম ট্রাইবেল সংঘৰ সম্পাদক প্রধান আদিত্য খাখলাৰীয়ে কয় যে অসমৰ ভূমিপুত্ৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সহজ সৰল লোকৰ ভূমি ভূমিলোভী বহিৰাগতৰ পৰা সুৰক্ষিত কৰিবৰ বাবে গঠন কৰা জনজাতি খণ্ড আৰু বেষ্টনী আজি সংকটৰ গৰাহত । সুৰক্ষিত জনজাতি খণ্ড আৰু বেষ্টনীৰ ভূমি পুঁজিপতি বহিৰাগত বনিয়া আৰু অখিলঞ্জীয়া লোকৰ কবলত পৰিছে ।

সদৌ অসম ট্রাইবেল সংঘৰ(All Assam Tribal Association)সম্পাদকগৰাকীয়ে পুনৰ কয় যে ভূমি আৰু ৰাজহ বিভাগৰ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ ধাৰাবাহিক কু-কৰ্মৰ ফলত জনজাতি খণ্ড আৰু বেষ্টনীৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৬ বছৰ পিছতো জনজাতি খণ্ড আৰু বেষ্টনীৰ বহু ঠাইৰ ভূমি আজিও জৰীপ নহ'ল । তেওঁ কয় যে বহিৰাগত বনিয়া আৰু অখিলঞ্জীয়া পুঁজিপতি/উদ্যোগপতি লোকে শেষতীয়াকৈ কামৰূপ(মহানগৰ),কামৰূপ,মৰিগাঁও, নগাঁও,লখিমপুৰ,তিনিচুকীয়া,ধেমাজি,কোকৰাঝাৰ,চিৰাং আদি জিলাত থকা ট্রাইবেল বেল্ট ব্লকৰ ভূমি চৰকাৰী বিষয়া-কৰ্মচাৰীৰে মিলি বিভিন্ন কৌশলেৰে হস্তগত কৰিছে ।

protest in Sonapur
সোনাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধৰ্ণা

কামৰূপ(মহানগৰ)ৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টটোকে বহিৰাগত বনিয়াই লক্ষ্য় কৰি লোৱা বুলি সম্পাদক প্রধান আদিত্য খাখলাৰীয়ে কয়। ইয়াৰে উদাহৰণ পূর্বাঞ্চল চিমেন্ট প্রাইভেট লিমিটেড (Eastern Cement Private Limited)অথবা সুৰিয়া গ'ল্ড চিমেন্ট । পূর্বাঞ্চল চিমেন্ট প্রাইভেট লিমিটেড বা সুৰিয়া গ'ল্ড চিমেন্টৰ(Suriya Gold Cement)অসুৰক্ষিত শ্ৰেণীৰ বনিয়াই চলে-বলে-কৌশলে,ৰাজহ বিভাগৰ বিষয়াৰে সনা-পিটিকা কৰি,জনজাতিক বিভিন্ন ধৰণে প্রলোভিত কৰি বেল্ট ব্লকৰ ভূমি হস্তগত কৰি উদ্যোগ নিৰ্মাণ কৰিছে।তেওঁলোকে প্ৰচলিত ভূমি আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে । সুৰিয়া গ'ল্ড চিমেন্টে সোনাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ সৰুটাৰীৰ ১৩১ বিঘা জৰীপ হোৱা /জৰীপ নোহোৱা ভূমি,ব্যক্তিগত পট্টাৰ মাটি জালিয়াতি কৰি কোম্পেনীৰ নামত নামজাৰি কৰি কাৰখানা চলাই আছে ।

সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ প্রতিবেদন(Report of Sonapur Revenue Circle Officer),ভূক্তভোগী ৰতন ৰংহাং আৰু মনসিং ৰংপিৰ প্রতিবেদন মতে এই কথা স্পষ্ট যে সুৰিয়া গ'ল্ড চিমেন্ট কোম্পানীয়ে জালিয়াতি কৰি ট্ৰাইবেল বেল্টৰ ভূমি হস্তগত কৰি অবৈধ ভাবে চিমেন্ট কাৰখানাটো নিৰ্মাণ কৰিছে । আদিত্য খাখলাৰীয়ে লগতে কয় যে সুৰিয়া গ'ল্ড চিমেন্ট কোম্পানীয়ে দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ সৰুটাৰীৰ ১৩১ বিঘা ৪ কঠা ১০ লেছা জৰীপ হোৱা/জৰীপ নোহোৱা ভূমি অধিগ্ৰহণ কৰি কাৰখানা নিৰ্মাণ কৰাৰ বাদেও ৰতন ৰংহাঙৰ পৰিয়ালৰ এজমালি পট্টাৰ ১৫ বিঘা মাটি চহী জালিয়াতি কৰি কাৰখানাৰ নামত নামজাৰি কৰিছে । তদুপৰি মানসিং ৰংপি নামৰ ব্যক্তিৰ এটা দাগৰ ১৩ বিঘা ৩ কঠা ১০ লেছা আৰু এটা দাগৰ ২বিঘা ৪ কঠা ৯লেছা মাটি ৱিক্ৰিৰ অনুমতি অবিহনে জালিয়াতিৰে নামজাৰি কৰি লৈছে ।

তেওঁ পুনৰ ক্ষোভ উজাৰি কয় যে দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ ভূমিত গঢ়ি উঠা অবৈধ কল-কাৰখানাই নির্গত কৰা বৰ্জিত ৰাসায়নিক গেছ,অপকাৰী কেটনাশক ৰাসায়নিক দ্রব্য,তেজস্ক্রিয় পদার্থ আদিয়ে সমগ্র অঞ্চলৰ ভূমি,জলবায়ু,পৰিৱেশ দুষিত কৰাৰ লগতে জীৱ জগতৰ বাবে সাংঘাটিক ধৰণে ভাবুকি কঢ়িয়াই আনিছে ।

তেওঁ উল্লেখ কৰে যে ট্রাইবেল বেল্ট/ব্লক সমূহত সংঘটিত হোৱা অবাধ বেদখল,অবৈধ কল- কাৰখানা উচ্ছেদৰ বাবে প্ৰদ্যুৎ কুমাৰ বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৭৮/২০১২ নম্বৰৰ এটি ৰাজহুৱা স্বার্থ জড়িত গোচৰ তৰিছিল । উক্ত গোচৰৰ ৰায় দান কৰি উচ্চ ন্যায়ালয়ে ট্রাইবেল বেল্ট/ব্লক থকা জিলা সমূহৰ উপায়ুক্তক শীঘ্ৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি বেদখল অবৈধ কল কাৰখানা সমূহক উচ্ছেদ কৰিবৰ বাবে হুকুম জাৰি কৰে কিন্তু দুর্ভাগ্যজনক কথাটো হ'ল ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাক মান্যতা প্ৰদান কৰা নাই । ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক মান্যতা প্রদান কৰি ট্ৰাইবেল বেল্ট/ব্লকৰ বেদখল,অবৈধ কল কাৰখানা উচ্ছেদ কৰিবই লাগিব । অন্যথা জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি ক্ষান্ত নহয় বুলি অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক খাখলাৰীয়ে হুংকাৰ দিয়ে ।

উক্ত কাৰ্যসূচীৰ অন্তত অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা সোনাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে এখন বিভিন্ন দাবী সমম্বলিত স্মাৰকপত্ৰ ড৹হিমন্ত বিশ্ব শৰ্মালৈ(Memorandum sent to Dr Himanta Biswa Sarma)প্ৰেৰণ কৰে‌ ।

লগতে পঢ়ক:বিদ্যালয় হ্ৰাস কৰাৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰাৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.