অসম

assam

পাঁচ শতাধিক ইউপিপিএল-বিজেপি কৰ্মীৰ বিপিএফত যোগদান

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:14 PM IST

UPPL-BJP supporters join BPF: বিপিএফৰ কোকৰাঝাৰ জিলা বেংগলী কোষৰ উদ্যোগত শান্তিনগৰৰ প্ৰগতি সংঘৰ পথাৰত আয়োজিত হোৱা যোগদান সভা তথা ৰাজহুৱা সভাত পাঁচ শতাধিক ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকলে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ।

kokrajhar bpf joining program uppl bjp supporters join bpf
বিপিএফত যোগদান কাৰ্যসূচী

হাগ্ৰামা মহিলাৰীৰ মন্তব্য

কোকৰাঝাৰ, ১৬ ডিচেম্বৰ :লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা । কোকৰাঝাৰ লোকসভা আসনক লৈয়ো সকলো দলৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে । এইবাৰ সন্মানজনক কোকৰাঝাৰ লোকসভা আসনখন কোনে দখল কৰিব তাকে লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে বিপিএফে প্ৰতিদিনে তৃণমূল পৰ্যায়ত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে উঠিপৰি লাগিছে । তদুপৰি প্ৰায় প্ৰতিদিনে বিপিএফত দলে দলে যোগদান কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে ।

শনিবাৰে বিপিএফৰ কোকৰাঝাৰ জিলা বেংগলী কোষৰ উদ্যোগত শান্তি নগৰৰ প্ৰগতি সংঘৰ পথাৰত আয়োজিত হোৱা যোগদান সভা তথা ৰাজহুৱা সভাত পাঁচ শতাধিক ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকলে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে । বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক দলীয় প্ৰতীকেৰে আদৰণি জনায় । লক্ষণীয়ভাৱে আজি যোগদান কৰা সদস্যসকল অধিকাংশই মহিলা সদস্য আছিল ।

ইপিনে, যোগদান সভা তথা ৰাজহুৱা সভাৰ অন্তত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, ইউপিপিএলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে । যেনেধৰণে কাম হ’ব বুলি ভাবিছিল সেয়া হোৱা নাই । বিগত তিনি বছৰে একো কাম হোৱা নাই বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, আচলতে প্ৰমোদ বড়োৱে ভুল কৰিছে । যাৰ ফলত ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকলে বিপিএফত যোগদান কৰিছে । ইউপিপিএলত কোনো ভৱিষ্যত নাই । বিজেপিৰ কৰ্মীসকলে তিনি বছৰ সমৰ্থন কৰিলে কিন্তু একো নাপালে । ভৱিষ্যতেও পোৱাৰ কোনো সম্ভাৱনা নাই । যাৰ ফলতেই ইউপিপিএল আৰু বিজেপিৰ কৰ্মীসকল বিপিএফত যোগদান কৰিছে ।

আনহাতে একালৰ বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ইউপিপিএলৰ প্ৰাৰ্থী হ’ব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত হাগ্ৰামা মহিলাৰীয়ে পুনৰাই চন্দন ব্ৰহ্ম কোন মই চিনি নাপাওঁ বুলি মন্তব্য কৰি তেওঁৰ কথা সুধি নাথাকিবলৈ সাংবাদিকৰ প্ৰতি আহ্বান জনায় । তদুপৰি লোকসভা নিৰ্বাচনৰ বাবে বিপিএফৰ প্ৰাৰ্থী অহা ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

ইপিনে বিজেপিৰ সদ্যপদত্যাগী জিলা সভাপতি তথা বৰ্তমান বিপিএফ দলত যোগদান কৰা ৰাজকুমাৰ ব্ৰহ্মই বৰ্তমানলৈকে জিলা সমিতি, মণ্ডল সমিতিৰ প্ৰায় ১৫০০ বিজেপিৰ কাৰ্যকৰ্তাই বিপিএফ দলত যোগদান কৰা বুলি মন্তব্য কৰিছে । আগন্তুক জানুৱাৰী মাহত পুনৰাই ৫০০ বিজেপিৰ কাৰ্যকৰ্তাই বিপিএফত যোগদান কৰিব বুলি মন্তব্য কৰিছে ৰাজকুমাৰ ব্ৰহ্মই । আজি যোগদান কৰা ৫০০ সদস্যৰ ভিতৰত ৪০০ জনেই বিজেপিৰ কাৰ্যকৰ্তা আছিল বুলি মন্তব্য কৰি বৰ্তমান কোকৰাঝাৰত বিজেপি নথকাৰ দৰেই হৈছেগৈ । ইউপিপিএল, বিজেপিৰ শাসনকালত বিটিচিৰ অৰ্থনীতি বেয়া হৈছে আৰু বিটিচিত সকলো বাহিৰৰ ঠিকাদাৰেহে কাম পোৱাৰ ফলত স্থানীয় বজাৰ বেয়া হৈছে বুলিও মন্তব্য কৰে ৰাজকুমাৰ ব্ৰহ্মই ।

উল্লেখ্য যে, আজিৰ সভাত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিপিএফৰ জিলা সমিতিৰ সভাপতি তথা বিটিআৰৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী, বিপিএফৰ বেংগলী কোষৰ সভাপতি প্ৰবীৰ স্যানাল আদিকে ধৰি বহু নেতৃবৰ্গ উপস্থিত আছিল ।

লগতে পঢ়ক :ওদালগুৰিত ইউপিপিএলৰ জনসভা আৰু যোগদান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details