অসম

assam

অথন্তৰ : ওলোটাকৈ দলীয় পতাকা উত্তোলন কৰিলে আঙুৰলতা ডেকাই

By

Published : Mar 23, 2022, 11:23 AM IST

কোকৰাঝাৰত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কোকৰাঝাৰ জিলা শাখাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণৰ বাবে গৈছিল বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা (Angoorlata Deka in Kokrajhar) ৷ কিন্তু সভাৰ পূৰ্বেন দলীয় পতাকা উত্তোলন কৰি বিপাঙত পৰিল বিজেপি নেত্ৰীগৰাকী ৷ ওলোটাকৈ উত্তোলন হ’ল পতাকাখন ৷ লগে লগে নমাই আনি শুদ্ধভাৱে পুনৰ উত্তোলন কৰা হ’ল বিজেপিৰ পতাকাখন ৷

Angurlata Deka hoisted the BJP flag in reverse in Kokrajhar
Angurlata Deka hoisted the BJP flag in reverse in Kokrajhar

কোকৰাঝাৰ, 23 মাৰ্চ : এইবাৰ পতাকা উত্তোলন কৰি বিপাঙত পৰিল বিজেপিৰ সদা সক্ৰিয় নেত্ৰী আঙুৰলতা ডেকা ৷ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কোকৰাঝাৰ জিলা শাখাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণৰ বাবে গৈছিল বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা (Angoorlata Deka in Kokrajhar) ৷ কিন্তু কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে আঙুৰলতা ডেকাই বিজেপিৰ পতাকা উত্তোলন কৰে যদিও পতাকাখন ওলোটাকৈ উত্তোলন হয় (Angoorlata Deka hoisted the BJP flag in reverse) । বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ভুলৰ বাবে পতাকাখন ওলোটাকৈ উত্তোলন হয় । অৱশ্যে লগে লগে পতাকাখন নমাই আনি পুনৰ শুদ্ধভাৱে উত্তোলন কৰা হয় ৷

‘‘মহিলাসকলে এতিয়া চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে, কি চৰকাৰ আহিলে মহিলাসকলৰ সুবিধা হ’ব সেয়া মহিলাসকলেই সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । বিজেপি চৰকাৰৰ দিনত মহিলাসকল আটাইতকৈ বেছি উপকৃত হৈছে ।’’ এই মন্তব্য প্ৰাক্তন বিধায়িকা তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ ।

ওলোটাকৈ দলীয় পতাকা উত্তোলন কৰিলে আঙুৰলতাই

মঙলবাৰে কোকৰাঝাৰ চহৰৰ তেৰাপন্থ ভৱনত অনুষ্ঠিত হোৱা কোকৰাঝাৰ জিলা ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক (Kokrajhar BJP Mahila morcha executive meeting) সভাত আঙুৰলতা ডেকাই উক্ত মন্তব্য কৰে । সুস্থ্য সামাজিক পৰিৱেশ গঠনত মহিলা মৰ্চাৰ গুৰুত্বপূৰ্ণ অৱদান আছে বুলি মন্তব্য কৰি আঙুৰলতা ডেকাই ৰাজ্যসভা নিৰ্বাচনৰ পিছতে বিজেপিৰ মহিলা মৰ্চাই সামাজিক ক্ষেত্ৰত সজাগতাৰ সৃষ্টিৰ বাবে বহু কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদৰী কৰে ।

বিজেপি চৰকাৰৰ দিনত মহিলাই সোনকালে ন্যায় পায় বুলি মন্তব্য কৰি ফাষ্ট ট্ৰেক আদালত বিজেপিয়ে আনিছিল আৰু যাৰ পৰিণতিতে এতিয়া চাৰি-পাঁচ মাহতে ন্যায় পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে আঙুৰলতা ডেকাই । ৰাজ্যসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জিকিব আৰু মুখ্যমন্ত্ৰীয়ে অংক কৰিহে কথাবোৰ কয় বুলি উল্লেখ কৰে নেত্ৰীগৰাকীয়ে (Angoorlata Deka on Rajya Sabha election)৷ অনাগত সময়ছোৱাতো যিমান নিৰ্বাচন আহিব অধিকসংখ্যক আসনতে বিজেপি প্ৰাৰ্থীয়ে জিকিব বুলি দাবী কৰে আঙুৰলতা ডেকাই ।

ইপিনে কাশ্মীৰ ফাইল চাই আৱেগিক হোৱা প্ৰসংগত অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰথম পৰিচয় অভিনেত্ৰীহে; ৰাজনীতিবিদ নহয় । কিছুমানে চিনেমাখনক চিনেমা হিচাপে চাইছে আৰু তেওঁ অভিনেত্ৰী হিচাপে চৰিত্ৰৰ ভিতৰলৈ সোমাই গৈ সেই চৰিত্ৰত নিজে থকা হেতেন কি কৰিলে হেতেন সেয়া ভাবিহে আৱেগিক হোৱা বুলি অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে (Angoorlata Deka revel on Kashmiri files)৷

তেওঁ কয় যে, সকলোৰে দৃষ্টিভংগী ভিন্ন আৰু সকলোৰে আৱেগ অনুভূতি আছে । চিনেমাখন চাই কোনে কি আৱেগ প্ৰকাশ কৰিছে সেয়া ব্যক্তিগত কথা ৷ জনা মানুহে বুজাটো বুজিছে বুলিও মন্তব্য কৰে আঙুৰলতা ডেকাই । এই কাৰ্যনিৰ্বাহক সভাত মহিলা মৰ্চাৰ প্ৰায় সংখ্যক নেত্ৰী আৰু কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থকাৰ উপৰিও কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্মকে ধৰি জিলা বিজেপিৰ কেইবাজনো নেতা কৰ্মীও উপস্থিতি আছিল ।

লগতে পঢ়ক :বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

ABOUT THE AUTHOR

...view details