অসম

assam

AKRSU Press Conference: শান্তি আলোচনাৰ নামত কোচ ৰাজবংশীক পুনৰ প্ৰতাৰণা নকৰিব: আক্ৰাছু

By

Published : Jan 18, 2023, 6:29 PM IST

শান্তি আলোচনাৰ বাবে মূলসুঁতিলৈ উভতি অহা KLOক আদৰণি আক্ৰাছুৰ ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক শান্তি আলোচনাৰ নামত পুনৰ কোচ ৰাজবংশী জাতিটোৰ প্ৰতাৰণা নকৰিবলৈ আহ্বান আক্ৰাছুৰ ৷ পৃথক কমতাপুৰ ৰাজ্য গঠন হ’লে সকলো জাতি-জনগোষ্ঠীৰলোক সমিলমিলে থাকিব বুলিও মন্তব্য আক্ৰাছুৰ নেতৃত্বৰ ৷

Etv BharatAKRSU PRESS MEET
শান্তি আলোচনাৰ নামত কোচ ৰাজবংশীক পুনৰ প্ৰতাৰণা নকৰিব: আক্ৰাছু

শান্তি আলোচনাৰ নামত কোচ ৰাজবংশীক পুনৰ প্ৰতাৰণা নকৰিব: আক্ৰাছু

কোকৰাঝাৰ, 18 জানুৱাৰী:সশস্ত্ৰ সংগ্ৰামৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্ত পেলাই অৱশেষত শান্তি আলোচনাৰ বাবে মূলসুঁতিলৈ উভতি আহিল KLO প্ৰধান জীৱন সিংহ(KLO Chief Jiban Singha) ৷ KLO আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ শান্তি আলোচনা প্ৰক্ৰিয়াক আদৰণি আক্ৰাছুৰ(AKRSU) ৷ পৃথক কমতাপুৰ সন্দৰ্ভত জুবিন গাৰ্গ(Zubeeb Garg) আৰু এবছুৰ সভাপতি দ্বীপেন বড়োৰ(Dwipen Bodo) মন্তব্যক লৈও প্ৰতিক্ৰিয়া আক্ৰাছুৰ ৷

শান্তি আলোচনা প্ৰক্ৰিয়ালৈ কেএলঅ’ উভতি অহাৰ পিছতেই এই প্ৰক্ৰিয়াক আদৰণি জনাই বুধবাৰে এক সংবাদমেল সম্বোধন কৰে আক্ৰাছুৱে(KLO Peace Talk) ৷ কোকৰাঝাৰ চহৰৰ ডিমলগাঁৱস্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সংবাদমেল ৷ শান্তি আলোচনাৰ নামত ঐতিহাসিক কোচ ৰাজবংশী জাতিটোক যাতে পুনৰ প্ৰতাৰণা নকৰি সমস্যাৰ সমাধান কৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান আক্ৰাছুৰ কেন্দ্ৰীয় উপ সভাপতি মুকুল কৃষ্ণ বৰ্মন আৰু পূৱ কোকৰাঝাৰ আক্ৰাছুৰ সভাপতি পৰীক্ষিত ৰায়ৰ ৷

আক্ৰাছুৰ নেতাদ্বয়ে 1949 চনতে সম্পাদিত ঐতিহাসিক ‘মাৰ্জাৰ চুক্তি’ মতে কেএলঅ’ৰ মাজত শান্তি আলোচনা হোৱাৰ দাবী জনাই সংবাদমেলত ৷ পূৰ্বৰ সেই চুক্তি অনুসৰি অবিভক্ত গোৱালপাৰা জিলাক সামৰি প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য হ’লে সকলো জাতি-জনগোষ্ঠীৰ নিৰ্ভয়ে বসৱাস কৰিব পাৰিব বুলি মন্তব্য কৰে আক্ৰাছুৰ নেতাদ্বয়ে ৷ কেন্দ্ৰীয় চৰকাৰক আন্তৰিকতাৰে সমস্যাসমূহ সমাধান কৰিবলৈয়ো আহ্বান জনাই আক্ৰাছুৰ নেতৃত্বই ৷

ইফালে, কমতাপুৰক লৈ গায়ক জুবিন গাৰ্গে কৰা মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে আক্ৰাছুৱে(AKRSU on Zubeen Garg) ৷ এগৰাকী গায়ক হিচাপে এটা জাতিক আঘাত দিয়াকৈ মন্তব্য কৰিব নালাগে বুলি সংবাদমেলত উল্লেখ কৰে আক্ৰাছুৱে ৷

লগতে, এবছুৰ সভাপতি দ্বীপেন বড়োয়ে বিটিআৰৰ(BTR)ৰ এক ইঞ্চিও মাটি এৰি দিয়া নহ’ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আক্ৰাছুৱে কয়, ‘‘ আমাৰ দাবী পূৰ্বৰ দাবী আৰু উক্ত দাবীৰ আধাৰতে কেএলঅ’ৰ শান্তি আলোচনা হ’ব ৷ কেএলঅ’ৰ(Kamtapur Liberation Organisation) শান্তি আলোচনাই কাৰো ক্ষতিসাধন নকৰে আৰু প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত সকলো জাতি-জনগোষ্ঠী সমিলমিলে থাকিব ৷’’ এই শান্তি আলোচনা প্ৰক্ৰিয়াক বিৰোধ নকৰিবলৈও আহ্বান আক্ৰাছুৰ ৷

বুধবাৰৰ সংবাদমেলত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় গোটৰ সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ ৰায় আৰু কোকৰাঝাৰ পূৱ আক্ৰাছুৰ(All Koch Rajbongshi Students Union) সাধাৰণ সম্পাদক হিতেশ বৰ্মন, আক্ৰাছুৰ কেন্দ্ৰীয় উপ-সভাপতি মুকুল কৃষ্ণ বৰ্মন, পূৱ কোকৰাঝাৰ জিলা আক্ৰাছুৰ সভাপতি পৰীক্ষিত ৰায়কে ধৰি সংগঠনৰ আন আন বিষয়-ববীয়াসকল ৷

লগতে পঢ়ক:KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

ABOUT THE AUTHOR

...view details