অসম

assam

অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে "বড়োলেণ্ড গাহৰি মিছন"

By

Published : Sep 11, 2021, 5:41 PM IST

Agriculture Minister Atul Bora Launched Bodoland Pig Mission
অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে "বড়োলেণ্ড গাহৰি মিছন" ()

শনিবাৰে বিটিআৰ চৰকাৰে শুভাৰম্ভ কৰে "বড়োলেণ্ড গাহৰি মিছন" নামৰে এক অভিলাষী আঁচনিৰ ৷ মন্ত্ৰী অতুল বৰাই কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে আঁচনিখন ৷

কোকৰাঝাৰ ১১ ছেপ্টেম্বৰ : বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত জীৱিকাক বহনক্ষম অৰ্থনীতিলৈ ৰূপান্তৰ কৰি গাহৰিৰ মাংস উৎপাদনৰে আত্মনিৰ্ভৰশীল কৰাৰ প্ৰচেষ্টাৰে শনিবাৰে বিটিআৰ চৰকাৰে "বড়োলেণ্ড গাহৰি মিছন" নামৰে এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে ৷ অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পত বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে আঁচনিখন ৷

অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে "বড়োলেণ্ড গাহৰি মিছন"

উক্ত অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কোকৰাঝাৰৰ (পূৱ) সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ক্ৰমে নিলুৎ স্বৰ্গীয়াৰী, ঘনশ্যাম দাস, উইলচন হাছদা, অৰূপ কুমাৰ দেৰ লগতে পশুপালন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷ উল্লেখ্য যে, আঁচনিখনৰ জৰিয়তে বিটিআৰ অঞ্চলক ভাৰতবৰ্ষৰ ভিতৰতে গাহৰি উৎপাদনৰ কেন্দ্ৰ হিচাবে গঢ় দিবলৈ চেষ্টা কৰা হ'ব ৷

অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে "বড়োলেণ্ড গাহৰি মিছন"

লগতে পঢ়ক:ইন্দ্ৰেশ্ব বৰাৰ মৃতদেহৰ মৰণোত্ত পৰীক্ষা সম্পন্ন

"বড়োলেণ্ড গাহৰি মিছন"ৰ দ্বাৰা বিটিআৰত ৩০ হেজাৰ পৰিয়ালক সাঁমৰি লোৱা হ'ব ৷ আঁচনিখনৰ জৰিয়তে অহা পাঁচ বছৰত প্ৰতিদিনে এক লাখ কিলোগ্ৰাম গাহৰিৰ মাংস উৎপাদন কৰা আৰু প্ৰতিদিনে ১৭০০ গাহৰি পোৱালিৰ উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

লগতে পঢ়ক:নেমু উৎপাদনকাৰী আদৰ্শ গাঁও হিচাপে পৰিগণিত হ'ল নাহৰকটীয়াৰ চেলেংচুক

ABOUT THE AUTHOR

...view details