কৰিমগঞ্জ, 4 নৱেম্বৰ : বৰাকত কয়লা কেলেংকাৰীৰ পাছত এইবাৰ চূণশিল কেলেংকাৰী সংঘটিত হৈছে । নিতৌ শ শ ট্ৰাক মেঘালয়ৰ চূণশিল অসমৰ কৰিমগঞ্জ হৈ ত্ৰিপুৰালৈ সৰবৰাহ কৰা হয় ।
তথ্য অনুসৰি, মেঘালয়ৰ লুমচুলুঙৰ পৰা চূণশিল ত্ৰিপুৰালৈ পঠোৱা হয় যদিও কেতিয়াবা কৰিমগঞ্জ জিলাতো সৰবৰাহ কৰা হয় । ডাম্পাৰসমূহত অ'ভাৰলোড কৰি লৈ অহাৰ লগতে চালকৰ হাতত বৈধ কাকতো নাথাকে বুলি জানিব পৰা গৈছে ।