ETV Bharat / state

নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3

author img

By

Published : Nov 4, 2020, 3:27 PM IST

Updated : Nov 4, 2020, 6:13 PM IST

নলবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত তীব্ৰ বেগত অহা এখন মটৰ চাইকেলে মহতিয়াই নিলে এজন চাইকেল আৰোহীক। দুৰ্ঘটনাটোত দুই বাইক আৰোহীসহ চাইকেল আৰোহীজনো গুৰুতৰভাৱে আহত হয় ৷

accident at nalbari
নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

নলবাৰী, 4 নৱেম্বৰঃ বুধবাৰে নলবাৰী জিলাৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাতো ।

জানিব পৰা মতে, এখন মটৰ চাইকেলে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক। দুৰ্ঘটনাৰ ফলত দুই বাইক আৰোহী আৰু চাইকেল আৰোহীজন আঘাতপ্ৰাপ্ত হয় ৷ ইপিনে আহত কেইগৰাকীক প্ৰথম অৱস্থাত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

উল্লেখযোগ্য যে, মটৰ চাইকেল আৰোহী গুৱাহাটীৰ চুমন সিনহা আৰু অঞ্জনা দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । আনহাতে চাইকেল আৰোহী বৰধানতলীৰ লতিফ আলী সম্প্ৰতি নলবাৰীত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ যুক্তৰাষ্ট্ৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি

Last Updated :Nov 4, 2020, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.