অসম

assam

কৰিমগঞ্জত কোৱাৰেণ্টাইন কেন্দ্ৰত চৰম বিশৃংখলতা

By

Published : May 23, 2020, 12:33 PM IST

সূতাৰকান্দি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত বৃহস্পতিবাৰে নিশা মুম্বাই আৰু বাংগালোৰৰ পৰা অহা যুৱকসকলক কেৱাৰেন্টাইন কৰা হয় যদিও কেন্দ্ৰটোত উপস্থিত নাছিল কোনো চৰকাৰী বিষয়া কৰ্মচাৰী তথা স্বাস্থ্য বিভাগৰ লোক । যুৱকসকলক যোগান ধৰা হোৱা নাই খোৱাপানী, খাদ্য সামগ্ৰীৰ উপৰিও বিছনা ।

Karimganj Qurantine center
কৰিমগঞ্জত কোৱাৰেণ্টাইন চেণ্টাৰত চৰম বিশৃংখলতা

কৰিমগঞ্জ, 23 মেঃ কৰিমগঞ্জ কোৱাৰেণ্টাইন কেন্দ্ৰত বিশৃংখল পৰিস্থিতি । জিলা প্ৰশাসনৰ অমনোযোগিতা আৰু গুৰুত্বহীনতাৰ বাবেই কোৱাৰেন্টাইন কেন্দ্ৰত চৰম বিশৃংখলতাৰ মাজত থাকিবলগীয়া হৈছে লোকসকল । উল্লেখ্য যে, সুতাৰকান্দি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত বৃহস্পতিবাৰে নিশা মুম্বাই আৰু বাংগালোৰৰ পৰা অহা যুৱকসকলক কোৱাৰেন্টাইন কৰা হয় যদিও কেন্দ্ৰটোত উপস্থিত নাছিল কোনো চৰকাৰী বিষয়া কৰ্মচাৰী তথা স্বাস্থ্য বিভাগৰ লোক । যুৱকসকলক যোগান ধৰা হোৱা নাই খোৱাপানী, খাদ্য সামগ্ৰীৰ উপৰিও বিছনা । যাৰ ফলত কোৱাৰেন্টাইন কেন্দ্ৰটোৰ বাৰান্দাতে নিশা পাৰ কৰিবলগীয়া হয় যাত্ৰীসকলে ।

কৰিমগঞ্জত কোৱাৰাণ্টাইন চেণ্টাৰত চৰম বিশৃংখলতা
বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থৰ মন্তব্য

আনহাতে, শুকুৰবাৰে পুৱাই উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থই এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । ততাতৈয়াকৈ জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি আন এটা কোৱাৰেন্টাইন কেন্দ্ৰ মুকলি কৰা হয় । সুতাৰকান্দি কোৱাৰেণ্টাইন কেন্দ্ৰত 75 খন বিচনাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু তাৰ পিছতো কেন্দ্ৰটোত উপস্থিত হোৱা 74 গৰাকী লোকে থকা ঠাইৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় । যি সময়ত ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা সেই সময়ত জিলা প্ৰশাসনৰ এইধৰণৰ খেলিমেলিয়ে ব্যাপক অসন্তষ্টি সৃষ্টি কৰিছে সচেতন মহলৰ মাজত ।

লগতে পঢ়ক- সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা

ABOUT THE AUTHOR

...view details