ETV Bharat / city

সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা

author img

By

Published : May 23, 2020, 10:57 AM IST

সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্য সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা । হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

ETV BHARAT
সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত মন্ত্ৰী হিমন্ত আৰু পীযুষ হাজৰিকা

গুৱাহাটী,23 মেঃ মহানগৰীস্থিত সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা । সৰুসজাইত উপস্থিত হৈ দুয়োগৰাকী মন্ত্ৰীয়ে সমগ্ৰ পৰিস্থিতিৰ বুজ লয় । ৬ গৰাকী CRPF জোৱানৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতিৰ কথা ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ CRPF জোৱান কেইজন বিমানযোগে অসমলৈ আহিছিল । বৰ্তমান জোৱান কেইজনক CRPF কৰ্তৃপক্ষৰ দায়িত্বতেই থাকিব বুলিও জনাই শৰ্মাই ।

সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত মন্ত্ৰী হিমন্ত আৰু পীযুষ হাজৰিকা

ইফালে শুকুৰবাৰে সৰুসজাইত বৰষুণৰ বাবে হোৱা অভাৱনীয় পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, এনে পৰিস্থিতিৰ মুখামুখি কৰিব লাগিব ৰাইজে । প্ৰকৃতিৰ লগত চৰকাৰ অথবা কোনেও মোকাবিলা কৰিব নোৱাৰে । উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্যত ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২৫৯ গৰাকী । ইয়াৰে ৫৪ সুস্থ হৈছে যদিও ১৯৮ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে । লগতে যি প্ৰত্যাহ্বানে নাহক কিয় ইয়াৰ মষিমূৰ কৰিব লাগিব বুলিও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক- নগাঁৱত পকী দলঙৰ উদ্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.