অসম

assam

Drugs Disposal at Diphu: ডিফুত ২ কোটি ৭২ লাখ টকা মূল্যৰ ড্ৰাগছ দাহন

By

Published : Jul 30, 2022, 8:38 PM IST

worth of 2 crores and 72 lakhs drugs disposal in diphu
Drugs Disposal at Diphu: ডিফুত প্ৰায় ২ কোটি ৭২ লাখ টকা মূল্যৰ নিচাযুক্ত ড্ৰাগছ দাহন কাৰ্যসূচী সম্পন্ন ()

সমগ্ৰ দেশজুৰি শনিবাৰে দাহন কৰা হয় NCB (Narcotics Control Bureau) তথা আৰক্ষীয়ে বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী (Seized Drugs burnt all over India) । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডিফুতো দাহ কৰা হয় বিভিন্ন সময়ত জব্দ কৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(Drugs Disposal in Diphu) । দাহ কৰিলে প্ৰায় ২ কোটি ৭২ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী ।

ডিফু,৩০ জুলাই:আজি সমগ্ৰ দেশতে আৰক্ষী তথা নাৰ্কটিক্সে(Narcotics Control Bureau) বিভিন্ন সময়ত বিভিন্ন স্থানত জব্দ কৰা নিচাযুক্ত দ্ৰৱ্য দাহন তথা বিনষ্ট কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Seized Drugs burnt all over India) । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশক্ৰমে প্ৰতিখন ৰাজ্যতে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অংশ হিচাবে অসমত নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাভাৱে বিনষ্ট কৰা হৈছে ।

ডিফুত ২ কোটি ৭২ লাখ টকা মূল্যৰ ড্ৰাগছ দাহন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডিফুতো কাৰ্বি আংলং আৰক্ষী প্ৰশাসনৰ উদ্যোগত দাহ কৰে প্ৰায় প্ৰায় ২ কোটি ৭২ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী(Drugs Disposal in Diphu) । শনিবাৰৰ দিনটোত ক্ৰমে, ৩ কেজি ৪৮ গ্ৰাম হেৰইন, ৩২০ কেজি ৬ গ্ৰাম গাঞ্জা, ২১০২ টা ছেমপ্লেক্স কেপচুল, ২৬ বটল কফ চিৰাপ, ৰাজহুৱাভাৱে কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে বিভাগীয় নিৰ্দেশনা অনুসৰি ড্ৰাগছ ডিছপজেল কমিটিৰ সদস্য সকলৰ উপস্থিতিত দাহ কৰে ৷

উক্ত ড্ৰাগছ দাহন কাৰ্যসূচীত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, উপ-আৰক্ষী অধীক্ষক নিলোৎপল শইকীয়াকে আদি কৰি বহু উচ্চ পদস্থ বিষয়া ৷ দাহ কৰা নিচাযুক্ত সামগ্ৰী সমূহৰ মূল্য প্ৰায় ২ কোটি ৭২ লাখ টকা হব বুলি জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷ উল্লেখ্য যে যোৱা ২৫ জুনত কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত ডিফুৰ ৫ মাইল 'ছাই ' খেল পথাৰত দাহ কৰা হৈছিল প্ৰায় ১১ কোটি টকা মূল্যৰ ড্ৰাগছ ।

লগতে পঢ়ক:Drugs Disposal at Guwahati: চন্দ্ৰপুৰত ১০০ কোটি মূল্যৰ ড্ৰাগছ বিনষ্ট

ABOUT THE AUTHOR

...view details