অসম

assam

খটখটীত আৰক্ষীৰ পৃথক অভিযানত পিষ্টল-গুলীসহ দুই যুৱকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 10:16 PM IST

Two arrested with arms : অসম-নাগালেণ্ড সীমান্তৰ খটখটীত আৰক্ষীৰ দুটা পৃথক অভিযানত অস্ত্ৰসহ দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবৈধ অস্ত্ৰৰ সৰবৰাহ ৷

Two arrested with arms
অস্ত্ৰসহ দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ

পিষ্টল আৰু গুলীসহ গ্ৰেপ্তাৰ দুই যুৱক

ডিফু, 17 জানুৱাৰী :কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত আৰক্ষীৰ দুটা পৃথক অভিযানত অস্ত্ৰসহ দুটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷ বৰ্তমান অসম-নাগালেণ্ড সীমান্তত এতিয়া অবৈধ অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ পৰিছে ৷ আৰক্ষীৰ অভিযানত ধাৰাবাহিকভাবে উদ্ধাৰ হৈ আছে অবৈধ মাৰণাস্ত্ৰ ৷

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অবৈধ অস্ত্ৰৰ সৰবৰাহ ৷ বিগত কেইটামান দিনত এলেকাটোত আৰক্ষীয়ে অভিযান চলাই পিষ্টল-গুলীসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, এক বিশেষ সূত্ৰে লাভ কৰা‌ তথ্যৰ ভিত্তিত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত তথা সহকাৰী উপ-পৰিদৰ্শক পংকজ শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে খটখটী থানাৰ অন্তৰ্গত গৌতম বস্তিৰ দাস হোটেলত তালাচী অভিযান চলাই মৰণাস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত যুৱকজন নাগালেণ্ড মোককচাঙৰ ইমলিয়নান বুলি চিনাক্ত কৰা হৈছে ৷ যুৱকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা 7.65 এম এম পিষ্টল, মেগজিনসহ এটা সজীৱ গুলী উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে দ্বিতীয় অভিযানতো খটখটী আৰক্ষীয়ে একেদিনাই সন্ধিয়া প্ৰায় 5.30 মান বজাত খটখটী আৰক্ষীৰ অভিযানত এটা পিষ্টল আৰু সজীৱ গুলীসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

এক বিশেষ সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ তত্বাৱধনাত খটখটী থানাৰ ভাৰপ্ৰাপ্ত ভিডিঅ’ ৰমেন বৰদলৈৰ নেতৃত্বত সহকাৰী উপ পৰিদৰ্শক পংকজ শইকীয়া, চিডিঅ' বেটেলিয়েন আৰু চি 20 চিআৰপি এফৰ এটা দলৰ সহযোগত অভিযান চলাই খটখটী কালিৰাম বস্তিৰ পৰা উদ্ধাৰ কৰা হয় এটা অবৈধ পইণ্ট 32 পিষ্টল আৰু দুই জাই সজীৱ গুলী ৷ পিষ্টলটো অবৈধভাবে মজুত কৰি ৰখাৰ বাবে অভিযানকাৰী দলটোৱে নাগালেণ্ড উখা জিলাৰ নিৰয়ু গাঁৱৰ চুমবেমুৰ পুত্ৰ নিয়ামু জমিৰ (37) বছৰক গ্ৰেপ্তাৰ কৰে ৷ এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :আগে আগে স্নিফাৰ ডগ, পিচে পিচে এজাক জনতা

ABOUT THE AUTHOR

...view details