ডিফু, 3 আগষ্ট : যোৱা নিশা মাঞ্জা থানা এলেকাৰ লাংভুকুত আৰক্ষীৰে সৈতে হোৱা গুলীয়াগুলীত KULA নামৰ নৱ গঠিত সংগঠনটোৰ অধ্যক্ষ ডেনিয়েল টেৰণ ওৰফে আহত হয় (Encounter in Karbi Anglong) ৷ এই সন্দৰ্ভত কাৰ্বি আংলঙৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই এক সংবাদ মেল সম্বোধন কৰি সমস্ত ঘটনা সন্দৰ্ভত বৰ্ণনা কৰে ৷ তেওঁ কয় যে, বকলীয়াঘাট থানা এলেকাত একাংশ লোকক KULA সংগঠনটোৰ নামত ধনদাবী কৰাৰ এক গোচৰৰ ভিত্তিত ডিফুৰ ছাৰ হাঞ্চে গাঁৱৰ থেমটং হাঞ্চে ওৰফে আৰাক ইজাং আৰু বকলীয়াঘাটৰ পৰা প্ৰণৱ তিমুং নামৰ লোক দুজনক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰে (New militant group in Karbi Anglong)৷
দুয়োৰে মোবাইল ফোনৰ ছীম কাৰ্ড আৰু অডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰোতে Karbi United Liberation Army চমুকৈ KULA ৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত কেতবোৰ আপত্তিজনক নথি-পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ আৰক্ষীৰ আগত থেমটং হাঞ্চেই নিজকে সংগঠনটোৰ বিত্তীয় সচিব আৰু প্ৰণৱ তিমুং ওৰফে চেদামং টুনগানে নিজকে সংগঠনটোৰ সচিব বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ পিচতে পিছত দুয়োকে ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰা হয় বুলি কয় নাহিদ কৰিশ্মাই ৷