অসম

assam

Karbi Lammet Amei: ডকমকাত অনুষ্ঠিত কাৰ্বি লাম্মেট আমেই বাৰ্ষিক অধিৱেশন

By

Published : Apr 29, 2023, 1:05 PM IST

Updated : Apr 29, 2023, 4:12 PM IST

চাৰিদিনীয়া কাৰ্যসূচীৰে ডকমকা ৰাছিনজা আক্লামত আৰম্ভ ৩১ সংখ্যক কাৰ্বি লাম্মেট আমেই (Karbi Lammet Amei held in Dokmaka) । উক্ত অনুষ্ঠানতেই কাৰ্বি লামেট আমেইৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা কেইবাখনো পুথি উন্মোচন কৰা হয় ।

Karbi Lammet Amei held in Dokmaka
ডকমকাত অনুষ্ঠিত কাৰ্বি লামেট আমেই

ডকমকাত অনুষ্ঠিত কাৰ্বি লামেট আমেই

ডিফু,২৯ এপ্ৰিল: ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকৈ চাৰিদিনীয়া কাৰ্যসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকাৰ ৰাছিনজা আক্লামত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে কাৰ্বি লাম্মেট আমেই তথা কাৰ্বি সাহিত্য সভাৰ ৩১ সংখ্যক বাৰ্ষিক অধিৱেশন (Karbi Lammet Amei held in Dokmaka) । শুকুৰবাৰে প্ৰতিনিধি পঞ্জীয়নৰ পিচত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা কাৰ্বি লামেট আমেই কেন্দ্রীয় সমিতিৰ সভাপতি বাৰিম ইংতিয়ে পতাকা উত্তোলন কৰাৰ পিচত শ্বহীদ তৰ্পন কৰা হয় ।

ইয়াৰ পিচত কাৰ্বি লাম্মেট আমেইৰ সাধাৰণ সম্পাদক জয়ছিং টকবিয়ে আঁত ধৰা সভাত কাৰ্বি লাম্মেট আমেই প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লংকাম টেৰণৰ জীৱনীৰ ওপৰত আলোচনা চক্র অনুষ্ঠিত হয় ৷ উক্ত সভাত প্ৰয়াত লংকাম টেৰণৰ পুত্ৰ প্ৰভাত টেৰণ আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰে বহুমূলীয়া মন্তব্য আগবঢ়াই (31st Annual Session of Karbi Sahitya Sabha) ।

আনহাতে উক্ত অনুষ্ঠানতেই কাৰ্বি লাম্মেট আমেইৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা কেইবাখনো পুথি উন্মোচন কৰা হয় । উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত অতিথি হিচাবে উপস্থিত থাকে ক্ৰমে ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছু, কাৰ্যবাহী সদস্য লুনছিং টেৰণ, কাংবুৰা কিলিং, বিলিমোহন খাকলাৰী, সূৰ্য্য ৰংফাৰ, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোঁচ আদি কৰি কাৰ্বি লাম্মেট আমেইৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে ।

আনহাতে কাৰ্বি লাম্মেট আমেইৰ ৰাছিনজা আক্লামত জিলাখনৰ বিভিন্ন বিভাগৰ দ্বাৰা আয়োজন কৰা প্ৰদৰ্শন দ্বাৰসমূহৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুনছিং টেৰণে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভ্যৰ্থনা সমিতিৰ হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচৱে কয় যে, কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় চাৰি শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে ৷ দেওবাৰে মুকলি সভাত মুখ্য অতিথি হিচাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ৷

কাৰ্বি লাম্মেট আমেইৰ সভাপতি বাৰিম ইংতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি যদিও কাৰ্বি লাম্মেট আমেইৰ ৩১ সংখ্যক অধিৱেশন অনুষ্ঠিত কৰা হৈছে, বয়স অনুপাতে কাৰ্বি লাম্মেট আমেই ৫৭ বছৰ সম্পন্ন কৰিছে ৷ সেয়ে ৫৭ খন পতাকাৰ লগতে মুল পতাকাসহ মুঠ ৫৮ খন পতাকা উত্তোলন কৰা হৈছে ৷ এই অধিৱেশনত মুঠ ৭৫ খন শাখা সমিতিৰ ১০ খন আঞ্চলিক সমিতিৰ ৯ খনৰ লগতে ৩৬ খন শাখা সমিতিয়ে অংশগ্ৰহণ কৰিছে ৷

কাৰ্বি আংলঙৰ লগতে নগাওঁ, হোজাই, বিশ্বনাথ, অৰুণাচল আদিৰ পৰা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে কাৰ্বি সাহিত্য বিকাশৰ বাবে অভিজ্ঞ সকলৰ গঠন মূলক দিহা-পৰামৰ্শ লৈ কাম কৰি থকা হৈছে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:Dergaon Don Bosco School: শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণ ফাটিল দশম শ্ৰেণীৰ ছাত্ৰৰ

Last Updated : Apr 29, 2023, 4:12 PM IST

ABOUT THE AUTHOR

...view details