অসম

assam

শীঘ্ৰেই জিলা হিচাপে ঘোষিত হ'ব বোকাজান আৰু হাওৰাঘাট : তুলিৰাম ৰংহাং

By

Published : Apr 8, 2022, 9:24 PM IST

Updated : Apr 9, 2022, 5:13 PM IST

ধনশিৰিত চিইএম তুলিৰাম ৰংহাঙৰ ৭ টাকৈ আঁচনিৰ শুভ উদ্ধোধন আৰু আধাৰশিলা স্থাপন (KAAC CEM inaugurated various scheme)৷ শীঘ্ৰে জিলালৈ ৰূপান্তৰিত হ'ব বোকাজান আৰু হাওৰাঘাট বুলি ঘোষণা কৰিলে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (KAAC CEM Tuliram Ronghang)৷

kaac-cem-inaugurated-various-scheme-at-dhansiri-in-karbi-anglong
শীঘ্ৰেই জিলা হিচাপে ঘোষিত হ'ব বোকাজান আৰু হাওৰাঘাট : ডাঃ তুলিৰাম ৰংহাং

ডিফু, ৮ এপ্ৰিল :কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ধনশিৰি পৰিষদীয় সমষ্টিত শুকুৰবাৰে একেদিনাই সাতখনকৈ চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (KAAC CEM inaugurated various scheme at Dhansiri in Karbi Anglong) ৷

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে শুকুৰবাৰে বিশেষ পেকেজৰ পুঁজিৰে ধনশিৰিত নিৰ্মাণ সম্পূৰ্ণ কৰা মিনি ষ্টেডিয়াম, বন বিভাগৰ পৰিদৰ্শন বাংলো, ধনশিৰি নগৰ সমিতিৰ ভৱন, বালুনাল্লাত মুকলি মঞ্চ, ধনশিৰি হাইস্কুলত অতিৰিক্ত শ্ৰেণীকোঠা আৰু ধনশিৰি বজাৰত জলজীৱন মিশ্যনৰ এখন আঁচনিৰ শুভাৰম্ভ কৰাৰ বিপৰীতে মিছিবাইলামত নিৰ্মাণ হ'বলগীয়া এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰে ৷

শীঘ্ৰেই জিলা হিচাপে ঘোষিত হ'ব বোকাজান আৰু হাওৰাঘাট : তুলিৰাম ৰংহাং

আঁচনিসমূহৰ শুভ উদ্ধোধন কৰি মুখ্য কাৰ্যবাহীগৰাকীয়ে ধনশিৰিত এখনি ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে ৷ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মুখ্য কাৰ্যবাহীগৰাকীয়ে বিজেপি চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ সম্পৰ্কে সবিস্তাৰে ব্যাখ্যা আগবঢ়ায় ৷

আনহাতে, সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহীগৰাকীয়ে এমঅ'এছ চুক্তিত উল্লেখ থকা অনুসৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধীনত হাওৰাঘাট আৰু বোকাজানক অতি শীঘ্ৰে জিলা হিচাপে ঘোষণা কৰা হ'ব বুলি সদৰি কৰে ৷ হাওৰাঘাট আৰু বোকাজান জিলা ঘোষণা হ'লে ধনশিৰিক মহকুমা হিচাপে ঘোষণা কৰা হ'ব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে উল্লেখ কৰে ৷

ডিফু- ধনশিৰি পথছোৱাৰ দুৰৱস্থা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিশেষ পুঁজিৰ ধনেৰে অতি শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে ৰংহাঙে ৷

লগতে পঢ়ক :CPA সন্মিলনৰ বাবে সাজু অসম বিধানসভা

Last Updated : Apr 9, 2022, 5:13 PM IST

ABOUT THE AUTHOR

...view details