ETV Bharat / city

CPA সন্মিলনৰ বাবে সাজু অসম বিধানসভা

author img

By

Published : Apr 8, 2022, 3:55 PM IST

প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’ব CPA সন্মিলন (CPA meeting to be held in Assam for the first time) ৷ তাৰ বাবে সাজু হৈ উঠিছে অসম বিধানসভা (Assam Assembly hosts CPA) ৷ শনিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশ বিদেশৰ পৰা অহা প্ৰতিনিধি সকলৰ উপস্থিতিত এই সন্মিলনৰ শুভ উদ্বোধন কৰিব ৷

assam-to-host-cpa-mid-year-executive-committee-meeting
CPA সন্মিলনৰ বাবে সাজু অসম বিধানসভা

গুৱাহাটী, 8 এপ্ৰিল: কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ (Commonwealth Parliamentary Association) সন্মিলনৰ বাবে প্ৰায় সাজু হৈ উঠিছে অসম বিধানসভা (Assam Assembly hosts CPA) । প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ বাবে ইতিমধ্যে চালে চকুৰোৱাকৈ সজাই তোলা হৈছে সমগ্ৰ দিছপুৰৰ অসম বিধানসভা চৌহদ ।

CPA সন্মিলনৰ বাবে সাজু অসম বিধানসভা

কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা 9:30 বজাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেশ বিদেশৰ পৰা অহা প্ৰতিনিধি সকলৰ উপস্থিতিত অসম বিধানসভাত এই সন্মিলনৰ শুভ উদ্বোধন কৰিব (Inaugurated by Lok Sabha Speaker Om Birla) । পাঁচদিনীয়া ভ্ৰমণসূচী লৈ শুকুৰবাৰে নিশা 8 বজাত গুৱাহাটীত আহি উপস্থিত হ’ব লোকসভাৰ অধ্যক্ষগৰাকী ।

এই সন্মিলনৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছত সন্মিলনৰ শনিবাৰ আৰু দেওবাৰৰ দুদিনৰ সকলো কাৰ্যক্ৰমণিকা অনুষ্ঠিত হ’ব হোটেল ৰেডিছন ব্লুত । 9 আৰু 10 এপ্ৰিলত কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সকলো কাৰ্যসূচী হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হোৱাৰ পিছত 11 আৰু 12 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে দেশৰ সকলো ৰাজ্যৰ বিধানসভাসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষসকলৰ এখন সন্মিলন অসম বিধানসভাত অনুষ্ঠিত হ’ব ৷

লোকসভাৰ অধ্যক্ষও এই সন্মিলনত উপস্থিত থাকিব । এই চাৰিদিনীয়া বিশাল কাৰ্যসূচী সন্দৰ্ভত অসম বিধানসভাৰ প্ৰধান সচিব তথা জ্যেষ্ঠ আই এ এছ বিষয়া হেমেন দাসে ই টিভি ভাৰতক কয়, " ইতিমধ্যে ব্ৰিটেইন, ঘানা, মালায়েছিয়া, টাঞ্জানিয়া আদিকে ধৰি বিশ্বৰ ১২ খন দেশৰ প্ৰতিনিধি আহি গুৱাহাটীত উপস্থিত হৈছে ।

কাইলৈৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰথম দুয়োদিনৰ কাৰ্যসূচীত এই ১২ খন দেশৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু বাকী দেশসমূহৰ প্ৰতিনিধি সকলে ভাৰ্চুৱেলী এই সন্মিলনত অংশ গ্ৰহণ কৰিব । প্ৰতিনিধি সকলক হোটেল ৰেডিছন ব্লুত থকাৰ ব্যৱস্থা কৰা হৈছে । অৱশ্যে শেষ মুহূৰ্তত আজি শ্ৰীলংকাই তেওঁৰ অংশগ্ৰহণৰ কাৰ্যসূচী বাতিল কৰিছে ।"

লগতে পঢ়ক : কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.