অসম

assam

মাঞ্জাত আৰক্ষীৰ অভিযানত 8 কোটি টকাৰ ড্ৰাগছ জব্দ

By

Published : Oct 3, 2020, 8:20 PM IST

মাঞ্জা আৰক্ষীৰ বৃহৎ সফলতা ৷ অভিযান চলাই 8 কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী জব্দ ৷ লগতে, আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীক ৷

Drugs worth Rs 8 crore seized along Assam Karbi Anglang District Manja
মাঞ্জাত আৰক্ষীৰ অভিযানত 8 কোটি টকাৰ ড্ৰাগছ জব্দ

ডিফু, 3 অক্টোবৰ :কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে বিগত সময়ছােৱাত আন্তর্জাতিক ড্রাগছ সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে অন্যতম সফল অভিযান চলাই অহা মাঞ্জা আৰক্ষীয়ে পুনৰ অভিযান চলাই প্রায় 8 কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে তিনি গৰাকী ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

মাঞ্জাত আৰক্ষীৰ অভিযানত 8 কোটি টকাৰ ড্ৰাগছ জব্দ

ঘটনাৰ বিৱৰণ অনুসৰি, এক গােপন সুত্রৰ ভিত্তিত শুকুৰবাৰে বিয়লি কার্বি আংলং জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জাত মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক জব্দ কৰি অভিযান চলায় । উক্ত অভিযানত আৰক্ষীয়ে 1 কিলোগ্ৰাম ব্রাউন ছুগাৰ জব্দ কৰাৰ লগতে 5070 টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰে ব্রাউন চুগাৰখিনিৰ বজাৰ মূল্য 5 কোটি টকা হােৱাৰ লগতে নিচাযুক্ত টেবলেট সমূহৰ বজাৰ মূল্য কমেও 3 কোটি টকা বুলি জানিব পৰা গৈছে ।

মাঞ্জাত আৰক্ষীৰ অভিযানত 8 কোটি টকাৰ ড্ৰাগছ জব্দ

লগতে পঢ়ক :কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

সৰ্বমুঠ মাঞ্জাত আৰক্ষীয়ে মুঠ 8 কোটি টকাৰ ড্রাগছ জব্দ কৰাৰ লগতে এই সন্দর্ভত বিহাৰৰ বিনােদ প্রসাদ আৰু গণেশ শ্বাহ নামৰ দুই ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে, এই দুই ড্রাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকা আৰু ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রীৰ নেতৃত্বত কার্বি আংলং আৰক্ষীৰ এটা দলে অসম আৰক্ষীৰ অপৰাধ শাখা আৰু বশিষ্ঠ আৰক্ষীৰ সহযােগত গুৱাহাটীৰ বশিষ্ঠত অভিযান চলাই দীনেশ কুমাৰ নামৰ আন এটা ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা

মহানগৰীৰ বশিষ্ঠত বাহৰ পাতি দীনেশ কুমাৰ নামৰ অপৰাধীটোৱে ড্রাগছ সৰবৰাহৰ এই সমস্ত কাণ্ড পৰিচালনা কৰি আহিছিল বুলি এক সুত্রই সদৰি কৰিছে । সূত্রটোৱে লগতে সদৰি কৰা মতে, ড্রাগছ সৰবৰাহকাৰীৰ চক্রটোৱে পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত থাকি ইয়াৰ আঁৰলৈ গােপনে এক বৃহৎ ড্রাগছ সৰবৰাহকাৰী চক্র গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, জব্দ হােৱা নিচাযুক্ত সামগ্রীসমূহ ইম্ফলৰ পৰা গুৱাহাটীলৈ নি পিচত অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে এই অভিযানত ড্রাগছ সৰবৰাহ কৰা ট্রাকখনৰ লগতে দীনেশ কুমাৰৰ ঘৰত অভিযান চলাই এখন চাৰিচকীয়া বাহন জব্দ কৰে যদিও তদন্তৰ খাতিৰত জব্দ হােৱা বাহন দুখনৰ সবিশেষ তথ্য প্রদানৰ পৰা বিৰত আছে আৰক্ষী ।

লগতে পঢ়ক :ৰহস্যৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details