ETV Bharat / state

মাটিৰ কৰ পোৱা টকাৰে আঁচনি ঘোষণা কৰিছে মন্ত্ৰী হিমন্তই: নগেন ডেকা

author img

By

Published : Oct 3, 2020, 8:41 AM IST

শুকুৰবাৰে নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ এখন সভাত একালৰ প্ৰভাৱশালী আছু নেতা তথা বৰ্তমানৰ নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই বিজেপি চৰকাৰক কটাক্ষ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে ৷ সভাপতিগৰাকীয়ে নলবাৰীত অগপ শূণ্য হোৱাৰ পথত বুলি প্ৰকাশ কৰে ৷

nalbari_ajp-meeting
নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ সভা

নলবাৰী, 3অক্টোবৰ : অবিভক্ত কামৰূপ জিলাৰ কটন কলেজত দুবাৰকৈ সাধাৰন সম্পাদক পদত জিকিছিল হিমন্ত বিশ্ব শৰ্মা । তেতিয়া তেওঁ ভাষন দিব নাজানিছিল । মই তেতিয়া গৰ্ডন হায়াৰ ছেকেণ্ডাৰীৰ সাধাৰণ সম্পাদক আছিলো । তেতিয়া হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ হৈ কেম্পেইন কৰিবলৈ মোক হায়াৰ কৰি নিছিল । সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাক মই মিটিঙত ভাষণ দিয়াৰ আদি পাঠ শিকাইছিলো । শুকুৰবাৰে নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ এখন সভাত একালৰ প্ৰভাৱশালী আছু নেতা তথা বৰ্তমানৰ নলবাৰী জিলাৰ শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৷

nalbari_ajp-meeting
নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ সভা

নগেন ডেকাই কয়,হিমন্ত বিশ্ব শৰ্মাই তেওঁক ৰাজনৈতিক গুৰু মানিছিল,কিন্তু ৰাজপাটত বহাৰ পিছত সলনি হৈ পৰিল সকলো ৷ বৰ্তমানৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছু আৰু এজেপিক চান্দা পাৰ্টি দল বুলি কটাক্ষ কৰাৰ যুক্তিয়ে নাই বুলি নগেন ডেকাই ভাষণত কয় ৷ হিমন্ত বিশ্ব শৰ্মাহে আচল চান্দা তোলা মাষ্টৰ । আছুই এশ,দুশ টকা চান্দা তুলিছে ৷ পিছে হিমন্ত বিশ্ব শৰ্মাই লাখ-লাখ টকা চান্দাৰ নামত টকা সংগ্ৰহ কৰি আহিছে । এনে ঠাট্টা-মস্কৰা গ্ৰহণযোগ্য নহয় বুলি নগেন ডেকাই প্ৰকাশ কৰে ৷

ইয়াৰ লগতে সভাপতি গৰাকীয়ে কয়,নলবাৰী সমষ্টিত এতিয়া অগপ শূণ্য় হোৱাৰ পথত । নলবাৰী সমষ্টিত 20খন আঞ্চলিক সমিতিৰ 18খনে এজেপিৰ লগত মিলিত হৈছে । অগপ নেতৃত্বই আঞ্চলিকতাবাদী ৰাইজক চূড়ান্ত অপমান আৰু অৱমাননা কৰিছে । তেনে অৱস্থাত অগপত কেৱল অতুল,কেশৱ আৰু ফনীভূষণ চৌধুৰীহে আছে বুলি উল্লেখ কৰে ৷

ইফালে, অগপৰ ভোটেৰে নিৰ্বাচনী যুঁজত ভাল ফলাফল দেখুৱাই বিজেপিৰ সভাপতি হোৱা ৰঞ্জিত দাসে 42 লাখ কাৰ্যকৰ্তা থকা বুলি মৰা দম্ভালিৰ অচিৰেই দৰ্প চূৰ্ণ হ'ব বুলি নগেন ডেকাই ভাষণত সদৰী কৰে । মুখ্যমন্ত্ৰী সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক ধাপ্পাবাজি চৰকাৰ বুলি ব্যক্ত কৰি পূৰ্বে বিজেপিৰ পৰা নিৰ্বাচন খেলোতে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াই নলবাৰী সদৰ সমষ্টিত লাভ কৰিছিল মাত্ৰ 8 হেজাৰ ভোট আৰু পৰৱৰ্তী সময়ত অশোক শৰ্মাই বিজেপিৰ পৰা লাভ কৰিছিল ষোল্ল হেজাৰ ভোট । অগপ-বিজেপিৰ মিত্ৰতাৰ বাবেই যোৱা বিধানসভাৰ নিৰ্বাচনত অশোক শৰ্মাই লক্ষাধিক ভোট লাভ কৰা বুলি সদৰী কৰি ধাপ্পাবাজি চৰকাৰখনে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ ভোট পাবলৈ সক্ষম নহ'ব বুলি ব্যক্ত কৰে নগেন ডেকাই ৷

নলবাৰী জিলাত অসম জাতীয় পৰিষদৰ সভা

অন্য এক খবৰৰ বাবে: নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া

মাটিৰ খাজনাৰ নামত 100 শতাংশ কৰ বৃদ্ধি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি ঘোষণা কৰিছে বুলি প্ৰকাশ কৰে সভাপতি নগেন ডেকাই ৷ আনহাতে, সমাগত বিধানসভাৰ নিৰ্বাচনত ধৰ্মপুৰ সমষ্টিত তক্কৰ দিবলৈ অসম জাতীয় পৰিষদৰ হৈ ড৹ শিখৰ শৰ্মাক নিৰ্বাচন কৰাৰ কথা উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.