ETV Bharat / state

কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

author img

By

Published : Oct 3, 2020, 11:41 AM IST

কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত শুকুৰবাৰে সংঘটিত হয় তীব্ৰ সংঘাত ৷ এই সংঘাতত 5 জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

Karimganj Kandigram land conflict, 5 injured
কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

কৰিমগঞ্জ, 3 অক্টোবৰঃ কৰিমগঞ্জৰ নিলামবাজাৰ আৰক্ষী থানাৰ অন্তৰ্গত কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘটিত হৈছে তীব্ৰ সংঘাত ৷ এই সংঘাতত 5 জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া কান্দিগ্রামৰ আব্দুল ৰকিব নামৰ এজন লোকৰ নেতৃত্বত বাৰজনীয়া এটি দলে বিলাল উদ্দিন,সামাদ উদ্দিন,আব্দুল কালাম,জবৰুল হক আৰু ওছাদ উদ্দিনৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ চলায় ৷

Karimganj Kandigram land conflict, 5 injured
কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত লোকসকলক উদ্ধাৰ কৰি নিলামবাজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও আটাই কেইগৰাকীকে কৰিমগঞ্জ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত নিলামবাজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক-আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ উপজা দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.