ETV Bharat / state

ৰহস্যৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড

author img

By

Published : Oct 3, 2020, 1:14 PM IST

দেওবাৰে কৰিমগঞ্জৰ কাষৰীয়া এখন গাঁৱৰ পৰা এগৰাকী 19 বছৰীয়া যুৱতী নিৰুদ্দেশ হৈছিল ৷ এই সন্দৰ্ভত লংগাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ৷ শুকুৰবাৰে ফকিৰাবজাৰ অঞ্চলৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহটো যুৱতীগৰাকীৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

deadbody recovered in Karimganj Langai river is under suspect
ৰহস্যাৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড

কৰিমগঞ্জ, 3 অক্টোবৰঃ শুকুৰবাৰে কৰিমগঞ্জৰ ফকিৰাবজাৰ অঞ্চলৰ লংগাই নৈত উদ্ধাৰ হৈছিল এটা অচিনাক্ত মৃতদেহ ৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে মৃতদেহটো পুৰুষ নে মহিলাৰ সেইয়া জানিবলৈ সক্ষম হোৱা নাছিল যদিও পৰৱৰ্তী সময়তে মৃতদেহটো মহিলাৰ বুলি চিনাক্ত কৰা হয় ৷ মৃতদেহটোৰ ডিঙিত স্পষ্ট হৈ আছিল আঘাতৰ চিন ৷

উল্লেখ্য যে, দেওবাৰে কৰিমগঞ্জৰ কাষৰীয়া এখন গাঁৱৰ পৰা এগৰাকী 19 বছৰীয়া যুৱতী নিৰুদ্দেশ হৈছিল ৷ এই সন্দৰ্ভত লংগাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে ৷ স্থানীয় এজন যুৱকৰ সৈতে যুৱতীগৰাকীৰ সম্পৰ্ক থকা বুলি আৰক্ষীক জনাইছিল পৰিয়ালৰ লোকে ৷ কিন্তু আৰক্ষীয়ে সন্দহজনকভাৱে যুৱকজনক সোধ-পোছ কৰি যাবলৈ দিয়ে ৷ ইয়াৰ পিছতেই যুৱকজনে আত্মহত্যা কৰাৰ চেষ্টা চলায় যদিও শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যুৱকজনক ৷

ৰহস্যাৰ আৱৰ্তত কৰিমগঞ্জৰ লংগাই নৈত উদ্ধাৰ হোৱা মৃতদেহৰ হত্যাকাণ্ড

এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ মহিলা সংগঠনৰ সদস্যাই যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে সমগ্ৰ তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক-কৰিমগঞ্জৰ ফকিৰাবজাৰত উদ্ধৰ অচিনাক্ত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.