অসম

assam

কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তক ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে ড্ৰাগছ মাফিয়াই

By

Published : Oct 21, 2021, 7:47 PM IST

Updated : Oct 21, 2021, 8:06 PM IST

বাৰম্বাৰ আৰক্ষীৰ নিচ্ছিদ্ৰ তালাচী আৰু নিৰাপত্তা বেষ্টনিক ফাঁকি দি ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই বৃহৎ চক্ৰই ৷ চক্ৰটোৱে ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তঞ্চল ৷ সবিশেষ জানো আহক ৷

drugs-racket-running-in-assam-nagaland-border
কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তক ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে ড্ৰাগছ মাফিয়াই

ডিফু, ২১ অক্টোবৰ :ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ ব্যাপক তৎপৰতা, আৰক্ষী প্ৰশাসনৰ অতন্দ্ৰ প্ৰচেষ্টা, লক্ষ্য মাথো এটাই অসমভূমিৰ পৰা ড্ৰাগছ নিৰ্মূল কৰা ৷ বিগত কেইবা মাহে এই প্ৰচেষ্টা পূৰ্ণ গতিত অব্যাহত আছে ৷ তথাপিও বন্ধ হোৱা নাই ৰাজ্যত ড্ৰাগছ মাফিয়াৰ প্ৰভাৱ ৷ বাৰম্বাৰ আৰক্ষীৰ নিচ্ছিদ্ৰ তালাচী আৰু নিৰাপত্তা বেষ্টনিক ফাঁকি দি ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই বৃহৎ চক্ৰটোৱে ৷

প্ৰতিবাৰতে ড্ৰাগছ মাফিয়া চক্ৰটোৱে ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তঞ্চল ৷ অৱশ্যে, আৰক্ষীৰ সবল নিৰাপত্তা বেষ্টনীৰ বাবে বাৰম্বাৰ জালত পৰিছে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহকাৰী সকল ৷ অতি শেহতীয়াকৈ, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত শেহতীয়াকৈ লাহৰিজান আৰক্ষীৰ তালাচীত জব্দ হৈছে ৫৮৪ গ্ৰাম হেৰ'ইন ।

কাৰ্বি আংলঙৰ অসম-নগালেণ্ড সীমান্তক ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে ড্ৰাগছ মাফিয়াই

জব্দ হোৱা ড্ৰাগছখিনি সৰবৰাহকাৰীয়ে ৪৮ টা চাবোনৰ বাকচ যোগে কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে । মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছত অনা হৈছিল ড্ৰাগছখিনি ৷

আৰক্ষীয়ে জব্দ কৰা বাছখন AR-20-2700 নম্বৰৰ আছিল বুলি জানিব পৰা গৈছে ৷ ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ইৰেংবাম ককিল (Irengbam Kokil) আৰু ইৰেংবাম বাবু সিঙক (Irengbam Babu Singh) আটক কৰিছে আৰক্ষীয়ে । দুয়োৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে । জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৪ কোটি টকা হ’ব বুলিও সদৰি কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰীৰ ঐক্যতাই নিৰ্ণয় কৰিব থাওৰাৰ ভৱিষ্যত !

Last Updated : Oct 21, 2021, 8:06 PM IST

ABOUT THE AUTHOR

...view details