সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰীৰ ঐক্যতাই নিৰ্ণয় কৰিব থাওৰাৰ ভৱিষ্যত !

By

Published : Oct 21, 2021, 5:11 PM IST

thumbnail

১০৭ নং থাওৰা বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে অংশ গ্ৰহন কৰিলে ৬খনকৈ নিৰ্বাচনী সভাত ৷ থাওৰা সমষ্টিৰ ম'হখুটী, খঙীয়া, খামোন, কোঁৱৰটিঙ ৰংগমঞ্চত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, সুশান্ত বৰগোঁহাই বহু ভোটত জিকিব ৷ সুশান্ত বৰগোঁহাইৰ সিদ্ধান্ত ব্যক্তিগত সিদ্ধান্ত নহয়, থাওৰাৰ কাৰণে তেওঁ লৈছে সিদ্ধান্ত ৷ সুশান্ত বৰগোঁহাই আৰু কুশল দুৱৰী দুইজন ব্যক্তি যেতিয়া লগ হৈছে, থাওৰাৰ উন্নয়ন কোনেও ৰখাব নোৱাৰে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ইয়াৰোপৰি ড্ৰাগছ নিৰ্মূলকৰণ, ৰাজ্যৰ উন্নয়ন মূলক বহু বিষয়ত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.