অসম

assam

চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 8:01 AM IST

কাৰ্বি আংলং জিলাৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ উদযাপন ৷ সমাগত লোকসভা নিৰ্বাচনত বিজেপিক ভোট দি দিল্লীত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰ্বাচিত কৰিবলৈ আহ্বান বিজেপিৰ ৷

BJP WORKERS of diphu CELEBRATE VICTORY
চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

ডিফু, 8 ডিচেম্বৰ :সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙত দুগুণ উৎসাহেৰে সাজু হোৱা পৰিলক্ষিত হৈছে বিজেপিৰ দলীয় কৰ্মকৰ্তা ৷ বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিলীপ সমষ্টিত পৰিষদৰ আৰু দলৰ নেতাসকলে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছট্টীশগড়ত দলটোৰ বিপুল বিজয়ৰ সমাৰোহ পালন কৰে ৷

জনসভাত ভাষণ দি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়, "দিল্লীত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰ হ’ব ৷ বিৰোধী দলসমূহে যি ইণ্ডিয়া মৰ্চা গঠন কৰিছিল সেই মৰ্চা ৰাজস্থান, ছট্টীশগড় আৰু মধ্যপ্ৰদেশত বিজেপিৰ বিপুল বিজয়ৰ পিচতে অস্তিত্বশূণ্য হ’ল’’ ৷

তেওঁ আৰু কয়, ‘‘কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জন খৰ্গেই মৰ্চাৰ সভা আহ্বান কৰিও বাতিল কৰিব লগা হ’ল ৷ তেওঁলোকৰ 26 দলীয় মৰ্চাৰ কৰ্ণধাৰৰ সভাত মাত্ৰ 17 টা দলৰ প্ৰতিনিধিহে উপস্থিত থাকিল ৷ বিজেপিৰ বিজয় ৰোধ কাৰ পূৰ্বেই বিৰোধী মৰ্চা থানবান হৈ পৰিল’’ ৷

কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বুলি উল্লেখ কৰি কাৰ্বি আংলংত কোন চৰকাৰে উন্নয়নমূলক কাম কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ৷ ৰংহাঙে কয়, "কাৰ্বি আংলং জিলাত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক লৈ আমি আগবাঢ়িব বিচাৰো ৷ সকলোৰে উন্নতিৰ বাবে আমি কাম কৰিছো ৷ আপোনালোকে পুনৰ প্ৰধানমন্ত্ৰীৰ হাত শক্তিশালী কৰক’’ ৷

স্থানীয় প্ৰতিনিধি পবিত্ৰ ৰংপিৰ লগতে ড৹ নোমন মমিনেও সভাত ভাষণ প্ৰদান কৰি বিজেপিক ভোট দিবলৈ আহ্বান জনায় ৷ বিজয় সমাৰোহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ড° নোমল মমিন, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, পৰিষদৰ অধ্যক্ষ ৰিজু তিচ’, কাৰ্যবাহী সদস্য অমৰ ছিং তিচ’, মঙল ছিং তিমুং, লুংছিং টেৰণ, সূৰ্য ৰংফাৰ প্ৰমুখ্যে পৰিষদৰ নেতাসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক বৈঠক, পূৰ্ণোদ্যমে চলিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details