অসম

assam

বোকাজান মহকুমাৰ দুঠাইত দুটাকৈ মৃতদেহ উদ্ধাৰ

By

Published : Feb 3, 2022, 2:02 PM IST

বোকাজান মহকুমাৰ দুঠাইত দুটাকৈ মৃতদেহ উদ্ধাৰ (Deadbody found in Boakajan) ৷ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছিল ইয়াৰে এজনৰ ৷

deadbody-found-in-boakjan-subdivision
বোকাজান মহকুমাৰ দুঠাইত দুটাকৈ মৃতদেহ উদ্ধাৰ

ডিফু, ২ ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দুঠাইত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ সমগ্ৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Deadbody found in Boakajan) ৷ প্ৰাপ্ত খবৰ অনুসৰি, বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাইত বুধবাৰে এক অচিনাক্ত গলিত মৃতদেহ উদ্ধাৰ, হোৱাৰ বিপৰীতে লাহৰিজানত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ প্ৰাণ নাশ হোৱাৰ বাতৰি পোহৰলৈ আহিছে (Woman killed by elephant attack in Boakajan) ।

ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে দিনৰ প্ৰায় এঘাৰ বজাত গৰু চৰাবলৈ যোৱা এজন লোকে ডিলাই থানাৰ অন্তৰ্গত কয়লাজান এলেকাৰ মন বাহাদুৰ গাঁৱৰ খিলাই নলাৰ সমীপত এটা গলিত প্ৰায় পুৰুষৰ মৃতদেহ প্রত্যক্ষ কৰে। স্থানীয় লোকে লগে লগে এই সম্পৰ্কে আৰক্ষীক অৱগত কৰাত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।

আনহাতে, বুধবাৰে পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত বনৰীয়া হাতীৰ আক্ৰমণত (Elephant attacks women in Assam Nagaland) এগৰাকী মহিলা নিহত হোৱাৰ বাতৰি পোৱা গৈছে (Man elephant conflict)। নিহত মহিলাগৰাকী লাহৰীজান চানডে’ বজাৰৰ ফাইজুৰ ৰহমানৰ পত্নী নাজবুৰ বেগম বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, পুৱাৰ ভাগত মহিলাগৰাকীয়ে উক্ত স্থানত খৰি লুৰিবলৈ যোৱাৰ সময়তে বনৰীয়া হাতীৰ সন্মুখীন হয় ৷ ইয়াৰ পিছতে বনৰীয়া হাতীয়ে চলোৱা আক্ৰমণত মহিলাগৰাকী থিতাতে নিহত হয়। স্থানীয় লোকে লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
লগতে পঢ়ক :নামবৰ দৈগ্ৰোং বনাঞ্চলত মৃত্যুৰে যুঁজিছে গজৰাজে

ABOUT THE AUTHOR

...view details