অসম

assam

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পৰিস্থিতিৰ বুজ লʼবলৈ কাৰ্বি-আংলঙত মুখ্যমন্ত্ৰী

By

Published : Apr 16, 2022, 7:36 PM IST

২৮ এপ্ৰিলত কাৰ্বি আংলঙত হ’ব লগীয়া প্ৰধানমন্ত্ৰীৰ গণ সমাৱেশ লৰিনথেপিত উপস্থিত হৈ পৰিস্থিতিৰ বুজন লʼলে মুখ্যমন্ত্ৰীয়ে (CM Himanta in Karbi Anglong ahead of PM's visit ) ৷ কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ (Karbi peace accord) হোৱাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে শান্তি আৰু বিকাশৰ সমাৱেশত অংশগ্ৰহণৰ বাবে আহিব পাহাৰীয়া জিলাখনলৈ ৷

cm-himanta-in-karbi-anglong-ahead-of-pms-visit
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পৰিস্থিতিৰ বুজ লʼবলৈ কাৰ্বি-আংলঙত মুখ্যমন্ত্ৰী

ডিফু, 16 এপ্ৰিল:অহা 28 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাৰ লৰিনথেপিত এখন গণ সমাৱেশত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনক কেন্দ্ৰ কৰি জিলাখনত সম্প্ৰতি দিনে নিশাই প্ৰস্তুতিৰ কামত ব্যস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসন । ইয়াৰ মাজতে আজি সমাৱেশৰ প্ৰস্তুতিৰ বুজন লʼবলৈ অধিৱেশনস্থলীত উপস্থিত হয়হি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta in Karbi Anglong ahead of PM's visit )।

আজি বিয়লি সমাৱেশ অনুষ্ঠিত হʼবলগীয়া স্থলীত উপস্থিত হৈ প্ৰস্তুতিৰ সবিশেষ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। সমাৱেশ স্থলী পৰিদৰ্শন কৰি‌ সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ (Karbi peace accord) হোৱাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে শান্তি আৰু বিকাশৰ সমাৱেশত অংশগ্ৰহণৰ বাবে আহিব বুলি মন্তব্য কৰে । প্ৰায় পাঁচশ বিঘা মাটি আৱৰি অনুষ্ঠিত হোৱা সমাৱেশত কমেও পাঁচ লক্ষাধিক লোক সমবেত হʼব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ।

আনহাতে, বিয়লি চাৰি বজাৰ পৰা ডিফুৰ আৰবৰেটাম কাম ক্ৰাফট চেন্টাৰত চৰকাৰী বিভাগসমূহৰ মুৰব্বী, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্য, পৰিষদৰ বিষয়ববীয়া সকলৰ সৈতে প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া সভাৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃত আলোচনাত মিলিত হয়।

লগতে পঢ়ক :বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: বৰপেটা আৰক্ষীৰ জালত ৬ জেহাদী

ABOUT THE AUTHOR

...view details