অসম

assam

পার্বত্য জিলাত উন্নয়নৰ খতিয়ান ল'ব বিজেপিৰ নেতা-কর্মীয়ে:তুলিৰাম ৰংহাং

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 2:33 PM IST

Karbi Anglong Autonomous Council: কার্বি আংলং-পশ্চিম কাৰ্বি আংলঙত উন্নয়নৰ খতিয়ান ল'বলৈ গাঁৱে-ভূঞে যাব বিজেপি নেতা-কর্মী । নৱবৰ্ষত বহুকেইটা অভিলাষী প্রকল্প উদ্বোধন কৰা হ'ব বুলি মন্তব্য় কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ ।

Press Meet of CEM of KAAC in Diphu
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য

ডিফু, ২২ ডিচেম্বৰঃ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে পৰিষদৰ ২৬টা সমষ্টিত উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰিবলৈ এইবাৰ দুয়োখন পার্বত্য জিলাৰ গাঁৱে-ভুঁঞে, চহৰে-নগৰে উন্নয়নৰ খতিয়ান ল'বলৈ যাব বিজেপিৰ নেতা-কর্মীসকলে । বৃহস্পতিবাৰে ডিফুৰ তাৰালাংছ'ত থকা কার্বি পিপ'লছ হলত আয়োজিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে । তেওঁ আগন্তুক নৱবৰ্ষত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে ল'বলগীয়া কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ আৰু পৰিকল্পনাৰ কথা সদৰী কৰে ।

তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিয়া প্রতিশ্রুতিসমূহ এতিয়া পৰিষদ আৰু অসম চৰকাৰে ৰূপায়ণ কৰি আছে বুলি মন্তব্য় কৰে । এই উদ্দেশ্য আগত ৰাখি ২৬টা পৰিষদীয় সমষ্টিত ঐক্য-বিজয় আৰু সমৃদ্ধি ৰেলী অনুষ্ঠিত কৰা বুলি সদৰি কৰে ৰংহাঙে । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন পৰিষদখন বদ্ধপৰিকৰ বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণে বাট-পথ, বিশুদ্ধ খোৱা পানী, শিক্ষানুষ্ঠান আদিকে ধৰি উন্নয়নমূলক আঁচনিসমূহৰ দ্বাৰা লাভাম্বিত হৈছে নে নাই তাৰ খতিয়ান ল'বলৈ বিজেপি নেতা কর্মীসকল লোকসভা নিৰ্বাচনৰ পূর্বে দুয়োখন পার্বত্য জিলাৰ গাঁৱে ভূঞে, নগৰে-চহৰে যাব বুলি কয় । তেওঁলোকে ইয়াৰ প্রতিবেদন প্রদান কৰিব বুলি কয় ।

তেওঁ মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি দুয়োখন জিলাত ২৫০১ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কাম আৰম্ভ কৰা হৈছে । মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে পুনৰ কয় যে অসম মালাৰ জৰিয়তে ৯২০ কোটি টকাৰ পথ নির্মাণ কৰি থকা হৈছে । তদুপৰি কাজিৰঙা-ৰংমংবে-ডকমকাৰ মাজত ৩০০ কোটি টকা ব্যয় সাপেক্ষে পথ নির্মাণৰ পৰিকল্পনা লোৱা হৈছে । নৱবৰ্ষৰ প্রথম সপ্তাহত তাৰালাংছ'ত নির্মাণ সম্পূর্ণ হোৱা অসমৰ ভিতৰতে প্রথম ৩০০০ আসন বিশিষ্ট অত্যাধুনিক প্রেক্ষাগৃহ উদ্বোধন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ উদ্বোধন কৰা হ'ব বুলিও তেওঁ কয় ।

ABOUT THE AUTHOR

...view details