অসম

assam

Teacher missing in Karbi Anglong : মনেশ্বৰ কলিতাৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

By

Published : Jan 2, 2023, 10:25 PM IST

কাৰ্বি আংলং জিলাৰ ৰং আৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনেশ্বৰ কলিতা ৩১ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে (Teacher missing in Karbi Anglong) ৷ মনেশ্বৰ কলিতা অপহৰণ বা হত্যাৰ বলি হ’ল নে অন্তৰ্ধান হৈছে সেয়া আজিও ৰহস্যৰ আৱৰ্তত আছে ৷ শিক্ষকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈ অৱশেষত আৰক্ষীয়ে তেওঁৰ সন্ধান দিওঁতালৈ ঘোষণা কৰিছে পুৰস্কাৰ ৷

Samelangso Missing teacher Moneswar Kalita
শিক্ষক মনেশ্বৰ কলিতা নিৰুদ্দেশ

শিক্ষক মনেশ্বৰ কলিতা নিৰুদ্দেশ

ডিফু, ২ জানুৱাৰী: যোৱা ৩১ আগষ্টত ছামেলাংছ’ থানা এলেকাৰ ৰং আৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনেশ্বৰ কলিতা বিদ্যালয়লৈ গৈ নিৰুদ্দিষ্ট হোৱাৰ পিছত শিক্ষকজনৰ আজিকোপতি একো শুংসূত্ৰ নোলাল (Missing teacher Moneswar Kalita) ৷ বছৰটোৰ প্ৰাৰম্ভণিতে নৱনিযুক্ত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই নিৰুদ্দিষ্ট কলিতা সন্ধানৰ বাবে লৈছে এক নতুন পদক্ষেপ (Karbi Anglong SP Sanjib Kumar Saikia) ৷ আজি ডিফুস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল পাতি আৰক্ষী অধীক্ষকগৰাকীয়ে নিৰুদ্দিষ্ট মনেশ্বৰ কলিতাৰ সন্ধান দিওঁতালৈ এক লাখ টকা পুৰস্কাৰ ঘোষণা কৰে (Assam police announce reward) ৷

সন্ধান দিওঁতাসকলৰ বাবে ৭০০২৬০৬০৩০ ফোন নম্বৰ যোগাযোগৰ বাবে মুকলি কৰি দিছে আৰক্ষীয়ে ৷ নিৰুদ্দিষ্ট শিক্ষক মনেশ্বৰ কলিতাৰ সন্ধান দিওঁতাৰ নাম ঠিকনা সম্পূৰ্ণ গোপন ৰখাৰ আশ্বাস আৰক্ষী অধীক্ষকগৰাকীৰ ৷ উল্লেখ্য যে, ছামেলাংছ’ থানা এলেকাৰ শিক্ষকগৰাকী নিজ বিদ্যালয়লৈ যোৱাৰ পথত ২০২২ বৰ্ষৰ ৩১ আগষ্ট দিনা নিৰুদ্দেশ হৈছিল ৷ তেতিয়াৰ পৰাই বিগত চাৰিমাহ ধৰি ছামেলাংছ’ৰ ৰং আৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনেশ্বৰ তলিতাৰ সন্ধান উলিয়াব নোৱাৰিলে আৰক্ষীয়ে ৷

পৰৱৰ্তী সময়ত ছামেলাংছ’ থানাত এই সন্দৰ্ভত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৪ ৰ অধীনত ০১/২০২২ নম্বৰত এক গোচৰো ৰুজু হৈছিল ৷ আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত কানিয়া টকবী আৰু লিংদক ৰংপি নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ ইফালে মনেশ্বৰ কলিতা নিৰুদ্দেশ হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ বিদ্যালয়ত খবৰ কৰাত মনেশ্বৰ কলিতা বিদ্যালয়লৈ যোৱাই নাছিল বুলি জানিব পাৰে ৷ নিৰুদ্দিষ্ট মনেশ্বৰ কলিতাৰ অপহৰণ, হত্যা নে অন্তৰ্ধান হৈছে সেয়া আজিও ৰহস্যৰ আৱৰ্তত আছে ৷

আনহাতে, তদন্তৰ নামত তদন্তকাৰী আৰক্ষী বিষয়া নীলমণি মালাকাৰে বিদ্যালয়খনৰ ৰান্ধনি কামত নিয়োজিত মৰিয়ম ৰংপিপিক অমানুষিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগত জিলাখনত প্ৰৱল প্ৰতিবাদ হৈছিল ৷ কাৰ্বি ছাত্ৰ সন্থা(Karbi Students Union) চমুকৈ কেএছএকে আদি কৰি বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তদন্তকাৰী বিষয়াগৰাকী বদলি হ’বলগীয়া হৈছিল ৷ প্ৰতিবাদকাৰীসকলে মৰিয়ম ৰংপিৰ অত্যাচাৰৰ অভিযোগ তুলি বিষয়টো মানৱ অধিকাৰৰ ওচৰত লৈ যোৱাৰো হুংকাৰ দিছিল ৷

কেএছএই ২৭ আগষ্টত সংবাদমেল পাতি শিক্ষকগৰাকী নিৰুদ্দেশ হোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰে ৷ দলটো নেতৃত্বই ইয়াৰ এটা উচিত তদন্তৰ দাবী জনাইছিল ৷ একেদৰে মৰিয়ম ৰংপিপিৰ ওপৰত হোৱা শাৰীৰিক অত্যাচাৰৰো উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছিল কাৰ্বি ছাত্ৰ সন্থাই ৷ তেওঁলোকে লগতে তাৎক্ষণিকভাৱে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছিল ৷

লগতে পঢ়ক:SC verdict on Demonetisation : ন্যায়ালয়ৰ ৰায় মানিবলৈ বাধ্য, কিন্তু বিমুদ্ৰাকৰণ বহুতৰ জীৱন ধ্বংস কৰিলে: কংগ্ৰেছ

ABOUT THE AUTHOR

...view details