অসম

assam

Karbi Youth Festival: পাঁচ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰ বৰ্ণময় তাৰালাংচ’ৰ বাকৰি

By

Published : Feb 16, 2023, 6:08 PM IST

আজিৰে পৰা আৰম্ভ হৈছে বাৰেৰহণীয়া কলা-কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত ৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ৷ ৫ সহস্ৰাধিক যুৱ শিল্পীৰ অংশ গ্ৰহণেৰ বৰ্ণময় তাৰালাংচ’ৰ বাকৰি (Karbi Youth Festival 2023) ৷

49th Karbi Youth Festival begins from today in Karbi Anglong
৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ

৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ

ডিফু, ১৬ ফেব্ৰুৱাৰী: কাৰ্বি জনগোষ্ঠীৰ স্বকীয় পৰিচয় আৰু চহকী সাংস্কৃতিক উপাদানসমূহক সংৰক্ষিত, প্ৰসাৰিত তথা সদা-সঞ্জীৱিত কৰি ৰখাৰ মানসেৰে ডিফু চহৰৰ কাৰ্বি ক্লাৱত ১৯৭৪ চনৰ ২৫ আগষ্ট তাৰিখে জন্ম লাভ কৰিছিল কাৰ্বি যুৱ মহোৎসৱে ৷ প্ৰতিষ্ঠাকালৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে জনাছিং তেৰাং আৰু ৰয় ইংহি ৷ ডিফুৰ ৰংনিহাংস্থিত কাৰ্বি ক্লাবৰ বাকৰিত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হৈছিল কাৰ্বি যুৱ মহোৎসৱ ৷

উল্লেখযোগ্য যে, লুঞ্চে তিমুঙক সভাপতি আৰু ৰয় ইংহিক সাধাৰণ সম্পাদক হিচাপে লৈ ১৯৭৬ চনত কাৰ্বি কালচাৰেল ছ’চাইটি (চমুকৈ কে.চি.এছ.) অৰ্থাৎ কাৰ্বি সাংস্কৃতিক সমাজ গঠন কৰা হৈছিল ৷ তেতিয়াৰে পৰা এই বেচৰকাৰী সংস্থাটোৱে প্ৰতি বছৰে কাৰ্বি যুৱ মহোৎসৱটিৰ আয়োজনত আগ-ভাগ লৈ আহিছে ৷

প্ৰত্যেক বছৰৰ দৰেই এইবাৰো অনুষ্ঠিত হৈছে বাৰেৰহণীয়া কলা-কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত কাৰ্বি যুৱ মহোৎসৱ ৷ কাৰ্বি জনজাতিসকলৰ চহকী কলা-কৃষ্টি সংস্কৃতিৰ বিজয় ধ্বজা উৰুৱাই আজিৰে পৰা আনুষ্ঠানিকভাৱে তাৰালাংচ’ৰ বাকৰিত আৰম্ভ হৈছে ৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ (49th Karbi Youth Festival) ৷ কাৰ্বি যুৱতীসকলৰ পিনি, পেককৰ খমখমনিত ৰজনজনাই উঠিছে তাৰালাংচৰ বাকৰি (Taralangso in Diphu) ৷

আজি কাৰ্বি যুৱ মহোৎসৱ থলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক কৃষ্টি-সংস্কৃতিৰে বৰ্ণময় হৈ পৰে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ’ (49th Karbi Youth Festival begins) ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলৰ হাতে হাতে চেংপি, চেংচ', চেংবৰুক, চং আদিৰে শোভা বৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ' ৱজাৰু,আংনি, পুৰুষৰ গাত চইক' চয়াং, তিৰুতাৰ গাত পিনি, পেকক, কঁকালত ৱামকক, দুই হাতত চংনক আদিৰে কাৰ্বি ৰিচ' নিমচ' সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই ৷

সাংস্কৃতিক শোভাযাত্ৰাটিৰ নেতৃত্ব প্ৰদান কৰে কেচিএছৰ সভাপতি চন্দ্ৰচিং ক্ৰই ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিচত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উদ্বোধন কৰে (KAAC CEM Tuliram Ronghang) ৷ প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্য আৰু এমএচি সকলে শ্বহীদ তৰ্পণ কৰাৰ লগতে কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৷

কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে কাৰ্বি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ'ৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ আজিৰ এই বৰ্ণিল কাৰ্যসূচীত কাৰ্বি ৰজা ৰামছিং ৰংগাঙ পদ্মশ্ৰী ৰংবং তেৰাঙ, ধনেশ্বৰ ইংতিকে প্ৰমুখ্যে কৰি শাসক, বিৰোধী আৰু আঞ্চলিক দলৰ বহুকেইগৰাকী ৰাজনৈতিক নেতা-কৰ্মীৰ লগতে জিলাখনৰ দল-সংগঠনসমূহৰ সভাপতি সম্পাদকসকল অতিথি হিচাপে উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে শিল্পী গ্ৰামৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই হেমফু মুক্ৰাং বাকৰিত উপস্থিত হয় শিল্পীসকল ।

কাৰ্বি কালচাৰেল ছচাইটিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবছৰো কাৰ্যসূচীসমূহ তদাৰক কৰে কেচিএছৰ সাধাৰক সম্পাদক বিদ্যাছিং ৰংপিয়ে ৷ কাৰ্বি আংলঙৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কাৰ্বি আংলঙৰ কাৰ্বি কালছাৰেল ছচাইটিৰ অতি কমেও ৩১ টা সাংস্কৃতিক মণ্ডলে অংশগ্ৰহণ কৰিছে ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৪৯ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ বাবে জিলাবাসীক শুভেচ্ছা জনায় ৷ অহা বছৰ কাৰ্বি যুৱ মহোৎসৱৰ গৌৰৱোজ্জ্বল সোণালী বৰ্ষ উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে পঢ়ক:Ali Ai ligang 2023: আলি আঃয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণাৰ দাবী মিচিং সমাজৰ

ABOUT THE AUTHOR

...view details