ETV Bharat / state

Ali Ai ligang 2023: আলি আঃয়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষণাৰ দাবী মিচিং সমাজৰ

author img

By

Published : Feb 15, 2023, 9:56 PM IST

Mising people demanded declaration of Ali Ai ligang festival as official holiday
ৰাজ্যজুৰি উদযাপন আলি আঃয়ে লৃগাং

আজি ৰাজ্যজুৰি মিচিং অধ্যুষিত অঞ্চলত উদযাপন কৰা হৈছে আলি আঃয়ে লৃগাং (Ali Ai ligang)। আলি আঃয়ে লৃগাং উপলক্ষে সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰুসকলৰ মাজত ৷ এই উৎসৱটি উদযানৰ মাজতে আলি আয়ে লৃগাঙক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে মিচিং জনগোষ্ঠীয় লোকসকলে (Ali Ai ligang 2023) ৷

ৰাজ্যজুৰি উদযাপন আলি আঃয়ে লৃগাং

যোৰহাট, 15 ফেব্ৰুৱাৰী: আজি অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকৰ বসন্ত উৎসৱ আলি আঃয়ে লৃগাং (Ali Ai ligang) । প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয় এই উৎসৱ । এই উৎসৱক শস্য সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয় । প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায় ৷ তেতিয়াৰ পৰাই সেই প্ৰস্তাৱ অনুসৰি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ উদযাপন কৰি আহিছে মিচিং জনগোষ্ঠীয় লোকসকলে ।

মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা ৷ এক কথা ক’বলৈ গ’লে আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন । এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে । আজি যিহেতু ফাগুন মাহৰ প্ৰথমটো বুধবাৰ গতিকে আজি ৰাজ্যজুৰী উদযাপন কৰা হৈছে আলি আঃয়ে লৃগাং (Ali Ai Ligang Festival celebrates in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাট জিলাতো উদযাপন কৰা হৈছে এই উৎসৱ ৷

যোৰহাট জিলাৰ চিনামৰাত যোৰহাট মিচিং কেবাঙৰ সৌজ্যনত গড়মূৰৰ বৃহত্তম ৰাইজৰ আতিথ্যত উলহ-মালহৰে উদযাপন কৰা হৈছে আলি আঃয়ে লৃগাং (Ali Ai Ligang festival of Mishings Society) ৷ গুমৰাগ আৰু ঐনিতমৰ ধ্বনিত মুখৰিত হৈছে চিনামৰাৰ চৌপাশ । গুমৰাগ আৰু ঐনিতমৰ তালে তালে মিচিং ডেকা-গাভৰু পৰাৰ বৃদ্ধ-বনিতালৈকে সকলোৱে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে ৷

যোৰহাট গড়মূৰ মুৰং ঘৰত দেখা পোৱা গৈছে মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰুসকলৰ সীমাহীন ব্যস্ততা (Ali Ai Ligang Festival celebrates in Jorhat) । মুৰং ঘৰত মিচিং জনগোষ্ঠীয় জীয়ৰী বোৱাৰীসকলে হেপাঁহৰ আলি আঃয়ে লৃগাং উপলক্ষে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং(বগা যদ) আৰু লৃগাঙত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰা পাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰাৰ বিশেষ ভাত) তৈয়াৰ কৰিছে । এই সমূহ জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ ল’বলৈ মিচিং জনগোষ্ঠীয় লোকৰ লগতে অন্য জনগোষ্ঠীয় লোকসকলেও মুৰং ঘৰত ভিৰ কৰাৰ পৰিলক্ষিত হয় ।

ইফালে, মৰিয়নিৰ মিচিং অধ্যুষিত অঞ্চলতো অতি উলহ-মালহেৰে উদযাপন কৰিছে আলি আঃয়ে লৃগাং উৎসৱটি ৷ গন্ধিয়া মিচিং গাঁৱৰ ৰাইজে এক বিশাল আয়োজনৰে উদযাপন কৰিছে উৎসৱটি ৷ ইফালে এই উৎসৱৰ মাজতে চৰকাৰলৈ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ আহ্বান, মিচিং জনগোষ্ঠীৰ এই উৎসৱটি চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিব লাগে (Demanded declaration of Ali Ai ligang holiday) ৷ এই বিশেষ দিনটোত চৰকাৰী বন্ধ নথকাৰ বাবেই বহু চৰকাৰী কৰ্মচাৰীসকলে হেপাহৰ উৎসৱটি উদযাপন কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷ সেয়াহে আলি আঃয়ে লৃগাং উৎসৱৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনায় ৷

মৰিয়নিত উদযাপিত হোৱা এই উৎসৱত অংশগ্ৰহণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী, শিক্ষাবিদ ড৹ মানিক শইকীয়া, কবি দিপাংকৰ বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

আলি আঃয়ে লৃগাং উপলক্ষে সত্ৰ নগৰী মাজুলীৰ মিচিং অধ্যুষিত অঞ্চলসমূহতো বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ (Misings Ali Ai Ligang Festival in Assam) ৷ মিচিংসকলৰ ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে সত্ৰ নগৰী মাজুলী । মিচিং ঐনিতমৰ সুৰত এপাক ককাল ঘুৰাই নাচি আদৰৰ উৎসৱটি পালন কৰাত ব্যস্ত হৈ পৰিছে আবাল বৃদ্ধ-বণিতাৰ লগতে কনেং আৰু কাংকানসকল । মুঠৰ ওপৰত আজি ৰাজ্যজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ ৷

লগতে পঢ়ক: Ali Ai ligang festival 2023: দিচাংমুখৰ আলি আঃয়ে লৃগাঙত মিচিং ডেকা গাভৰুৰ পাৰভঙা উচাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.