অসম

assam

যোৰাবাটত বুজন পৰিমানৰ হেৰ'ইন সহ দুজনক আটক

By

Published : Sep 2, 2021, 8:19 PM IST

two-arrested-along-with-huge-amount-of-heroin-in-jorabat
যোৰাবাটত বুজন পৰিমানৰ হেৰ'ইন সহ দুজনক আটক

আৰক্ষী-প্ৰশাসনৰ ব্যাপক অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ চোৰাং বেহা ৷ আৰক্ষীৰ চকুত ধূলি মাৰি ৰাজ্যত বৰ্তমানেও ড্ৰাগছৰ গোপন সৰবৰাহ অব্যাহত ৰাখিছে ড্ৰাগছ সৰৱৰাহকাৰী চক্ৰই ৷ ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰিছে একাংশ ড্ৰাগছ সৰৱৰাহকাৰী ৷

গুৱাহাটী,2 ছেপ্তেম্বৰ: ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত দৈনিক জব্দ হৈছে, বুজন পৰিমান নিষিদ্ধ ড্ৰাগছ ৷ আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীসকলে নিত্য নতুন কৌশল অৱলম্বন কৰি আহিছে ৷ ইয়াৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীত ট্ৰাকৰ তেলৰ টেংকীত উদ্ধাৰ হৈছে বুজন পৰিমানৰ হেৰ'ইন ৷ ডিমাপুৰৰ পৰা ট্ৰাকত অনা এই ড্ৰাগছখিনি যোৰাবাট অঞ্চলত অভিযান চলাই জব্দ কৰে আৰক্ষীয়ে ৷

জব্দ হোৱা হেৰ'ইন

উল্লেখ্য যে,মহানগৰীৰ পূৱ আৰক্ষী উপ আয়ুক্ত শুভ্ৰজ্যোতি বৰা আৰু যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত চলা এক অভিযানত এই ড্ৰাগছখিনি জব্দ হৈছে ৷ আঢ়ৈ কিলোগ্ৰাম ওজনৰ হেৰ'ইনখিনি মুঠ 205 টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় 10 কোটি টকা ৷ AS-01 DD-9192 নম্বৰৰ খালী ট্ৰাকখনৰ তেলৰ টেংকীত লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি ৷

ইতিমধ্যে আৰক্ষীয়ে উক্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷ ইয়াৰে এজন ডিমাপুৰৰ দীপক শৰ্মা আৰু আনজন মণিপুৰৰ জামিনলাল বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃনিচাৰ ৰাগীত অবাটে যুৱ প্ৰজন্ম...

ABOUT THE AUTHOR

...view details