অসম

assam

Railway officer arrested: উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

By

Published : Oct 17, 2022, 3:45 PM IST

Updated : Oct 17, 2022, 10:15 PM IST

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ এজন ঘোচখোৰ পৰিদৰ্শকক (Railway officer arrested while taking bribe ) ৷

Railway officer arrested while taking bribe at Rangia
উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

ৰঙিয়া, 17 অক্টোবৰ:ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন ৷ ৰাজ্যত ইজনৰ পিছত সিজন ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Anti corruption branch raid in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী (Vigilance and Anti Corruption Assam) ৷

এইবাৰ ৰঙিয়াত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল ৰে’লৱে বিভাগৰ বিষয়া ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে ৰে’লৱে বিভাগৰ বিষয়াজন ৷ গ্ৰেপ্তাৰ হোৱা ৰে’লৱে বিভাগৰ বিষয়াজন ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস বুলি জানিব পৰা গৈছে (Railway officer arrested while taking bribe) ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত এগৰাকী যুৱতীক 20,000 টকা দাবী কৰিছিল ৰে’লৱে বিভাগৰ বিষয়াজনে ৷

ফলত উপায়ন্তৰ হৈ দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ ধনদাবীৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে চিবিআইৰ ওচৰত দ্বাৰস্থ হয় ৷ যুৱতীগৰাকীৰ অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই এগৰাকী যুৱতীয়ে শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাসক দাবী কৰা ধনখিনি দিবলৈ আহে ৷ তেতিয়াই হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰে’লৱে বিভাগৰ বিষয়াজন ৷ লগে লগে ৰঙিয়াৰ কল্যাণ বিভাগৰ কাৰ্যালয়তে ধৃত ৰে’লৱে বিভাগৰ বিষয়াজনক পাঁচ ঘন্টাতকৈ অধিক সময় জেৰা চলায় চিবিআইৰ দলটোৱে ৷

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

বৰ্তমানলৈকে চিবিআই য়ে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই । ইফালে চিবিআইৰ আন এটা দলে ৰবিন দাসৰ গৃহ হাজোৰ বৰদধিটো অভিযান চলাইছে । উল্লেখযোগ্য যে, অভিযোগকাৰী যুৱতীগৰাকীৰ পিতৃ ৰে’ল বিভাগৰ চিকিৎসালয়ৰ কৰ্মচাৰী আছিল ।

বিগত কিছুদিন পূৰ্বে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে নগাঁৱৰ এগৰাকী ঘোচখোৰ লাটমণ্ডলক ৷ নামজাৰীৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে এজন লাট মণ্ডল (Lat mandal arrested while taking bribe) ৷ গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলজন নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত মহন্ত বুলি জানিব পৰা গৈছে ৷ কাৰ্যালয় চৌহদৰ বাহিৰত উৎকোচ লওঁতেই জালত পৰিছিল লাট মণ্ডলজন ৷

লগতে পঢ়ক:Jihadi Arrested: নলবাৰীত আটক দুজন সন্দেহযুক্ত জেহাদী

Last Updated : Oct 17, 2022, 10:15 PM IST

ABOUT THE AUTHOR

...view details