অসম

assam

নাৰী সৰৱৰাহকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা মেঘালয়ৰ যুৱতী

By

Published : Sep 18, 2021, 7:03 PM IST

noonmati-police-arrested-a-human-trafficker
নাৰী সৰৱৰাহকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা মেঘালয়ৰ যুৱতী ()

নাৰী সৰবৰাহ চক্ৰৰ কবলত পৰাৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰ-পূৱৰ এগৰাকী যুৱতী ৷ নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বহি:ৰাজ্যৰ এজন যুৱকৰ কৱলত পৰা মেঘালয়ৰ এগৰাকী যুৱতী ৷ জানিব পৰা মতে ফেচবুকত চিনাকি হৈ প্ৰেমৰ জালত পেলাই যুৱতীগৰাকীক অতি কৌশলেৰে নি বহি:ৰাজ্যত বিক্ৰী কৰাৰ চক্ৰান্ত কৰিছিল ধৃত যুৱকজনে ৷

গুৱাহাটী,18 ছেপ্টেম্বৰ: ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ শেহতীয়াকৈ মেঘালয়ৰ তুৰা অঞ্চলৰ এগৰাকী যুৱতীক বহি:ৰাজ্যত বিক্ৰী কৰাৰ যো-জা চলোৱা এটা প্ৰবঞ্চকক নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই কথা ৷ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই বহি:ৰাজ্যত বিক্ৰী কৰাৰ যো-জা চলাইছিল আৰক্ষীয়ে আটক কৰা উত্তৰ প্ৰদেশৰ বাৰানসীৰ নাছিৰুদ্দিন আনচাৰী(20) ওৰফে আৰমান খান নামৰ যুৱকজনে ৷

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বানাৰাসীৰ বাসিন্দা নাছিৰুদ্দিন আনচাৰী নামৰ যুৱকজনে 5 দিন পূৰ্বে ফেচবুকৰ জৰিয়তে মেঘালয়ৰ তুৰাৰ যুৱতী গৰাকীৰ লগত চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ৷ ফেচবুকৰ জৰিয়তে নাছিৰুদ্দিন আনচাৰীয়ে যুৱতী গৰাকীৰ ফোন নম্বৰ সংগ্ৰহ কৰি বিয়াৰ প্ৰলোভন দি গুৱাহাটী ৰেল ষ্টেচনলৈ আহিবলৈ কোৱাত যুৱতী গৰাকীয়ে শুকুৰবাৰে গুৱাহাটী ৰেল ষ্টেচন লৈ আহি প্ৰেমিক নাছিৰুদ্দিন আনচাৰীক সাক্ষাৎ কৰে ৷

নাৰী সৰৱৰাহকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা মেঘালয়ৰ যুৱতী

তাৰ পিছত প্ৰেমিক যুৱক জনে কৌশলৰে যুৱতী গৰাকীক নাৰেংগীৰ ফৰেষ্ট গেটলৈ লৈ আনে ৷ নাৰেংগীলৈ অহাৰ পিছত যুৱক জনৰ আচৰণ আৰু কথা বাৰ্তাত বিসংগতি দেখি যুৱতীগৰাকীৰ সন্দেহ ওপজে ৷ ইয়াকে লৈ দুয়োজনৰ মাজত প্ৰথমে কিবা কথাক লৈ তৰ্কযুদ্ধ হয় তাৰ পিছত যুৱতী গৰাকীক কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে যুৱতীগৰাকীৰ কাষ চাপে ৷

লগতে পঢ়কঃপ্ৰমাণ প্ৰত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ নকৰিবলৈ গাঁও প্ৰধানক সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ

তাৰ পিছত যুৱতী গৰাকীক সোধা পোচা কৰাত যুৱক জন যে আচলতে এটা প্ৰবঞ্চক সেই কথা ওলাই পৰে ৷ পিছত স্থানীয় ৰাইজে যুৱক-যুৱতী হালক নুনমাটি আৰক্ষীক গতাই দিয়ে ৷ ধৃত নাছিৰুদ্দিন আনচাৰী দেহ ব্যৱসায়ী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত আনচাৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বহু যুৱতীক প্ৰেমৰ জালত ফচাই বহি ৰাজ্যৰ বেশ্যালয়ত বিক্ৰী কৰাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ইফালে নুনমাটি থানাৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত যুৱক যুৱতী হালক মেঘালয়ৰ তুৰা থানাৰ আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে তুৰা থানাত যুৱকজনৰ বিৰুদ্ধে এটা মানৱ সৰবৰাহকাৰী গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃগৰাকীৰ অজ্ঞাতে 100 বিঘা মাটি নামজাৰি হ'ল অন্য লোকৰ নামত

ABOUT THE AUTHOR

...view details